পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিত্তীয় সংকট বিষয়ক উপবন্ধ সমুহ। ভাৰতৰসংবিধান অষ্টাদশ ভাগ সংকটকালীন উপবন্ধ সমূহ - অনুচ্ছেদ ৩৬০ ৩৬০(১)বাষ্ট্ৰপতি যদি পতিয়ন যায় যে ভাৰতৰ ইয়াৰ ৰাজ্যক্ষেত্ৰৰ কোনো এটা ভাগৰ বিত্তীয় স্থায়িত্ব বাপ্ৰত্যয় বিপদাপন্ন হৈপৰা অৱস্থা এটাই দেখা দিছে, তেনেহলে তেওঁ সেই সম্পৰ্কে উদূঘোষণাৰ দ্বাৰা ঘোষণা কৰিব পাৰে। [(২) খণ্ড (১) ৰ অধীনত জাৰি কৰা কোনো উঘোষণা (ক) পৰৱৰ্তী উদূঘোষণাৰ দ্বাৰা প্ৰতিসংহৃত বা পৰিবৰ্তিত কৰিব পাৰিব; (খ) সংসদৰ প্ৰত্যেক সদনত উপস্থাপিত কৰিব লাগিব; (গ) দুমাহকাল অতিবাহিত হোৱাৰ লগে লগে প্ৰৱৰ্তিত নোহোৱা হব, যদিহে সেই কাল অতিবাহিত হোৱাৰ পূৰ্ব্বে সংসদৰ উভয় সদনৰ সংকল্পৰ দ্বাৰা তাক অনুমোদিত কৰা নহয়ঃ পুৰন্তু, যদি এনে কোনো উঘোষণা এনে সময়ত জাৰি কৰা হয় যি সময়ত লোক সভা বিঘটিত হৈ থাকে, বা উপখণ্ড (গ) ত উল্লিখিত দুমাহ কালৰ ভিতৰত লোক সভাৰ বিঘটন হয়, আৰু যদি ৰাজ্য সভাৰ দ্বাৰা এনে উঘোষণা অনুমোদন কবি কোনোসংকল্প পাৰিত হয়, কিন্তু সেই কালছোৱা অতিবাহিত হোৱাৰ পূৰ্ব্বে লোকসভাৰ দ্বাৰা এনে উদূঘোষণাৰ সন্ধত কোনো সংকল্প পাৰিত নহয়, তেনেহলে পুনৰ্গঠিত লোক সভাৰ প্ৰথম বৈঠক বহা তাৰিখৰ পৰা ত্ৰিশদিনৰ অৱসানত উদূঘোষণাটো কাৰ্য্যকৰী নোহোৱা হব যদিহেউক্ত ত্ৰিশদিনৰ কাল অৱসানৰ পূৰ্ব্বে লোক সভাৰ দ্বাৰাও উঘোষণাটো অনুমোদন কৰি কোনো সংকল্প পবিতনহয়। (৩) খণ্ড (১)ত উল্লেখ কৰা ধৰণৰ কোনো উদঘঘাষণা প্ৰৱৰ্তন হৈথকাকালছোৱতি নিৰ্দেশাৱলীত বিনিৰ্দিষ্ট কৰি দিয়া কোনো বিত্তীয় ঔচিত্য সম্বন্ধীয় বিধান মানি চলিবলৈ কোনো ৰাজ্যক নিৰ্দেশ দিয়ালৈকে আৰু সেই উদ্দেশ্যৰ কাৰণে ৰাষ্ট্ৰপতিয়ে আৱশ্যকীয় আৰু সমুচিত বুলি ভবা মতে আন কোনো নিৰ্দেশ দিয়ালৈকে সংঘৰ কাৰ্যপালিকা ক্ষমতা বিস্তাৰিত হব। (৪) এই সংবিধানত যিকোনো কথা থকা সত্ত্বেও, (ক) এনে কোনো নিৰ্দেশ (i) কোনো ৰাজ্যৰ কাম-কাজৰ লগত জড়িত থকা বিষয়ত সেৱা কৰা সকলো বা যিকোনো শ্ৰেণীব ব্যক্তি বেতন আৰু ভাত্তা হ্ৰাস কৰিবলৈ বিচবা উপবন্ধ; (i) অনুচ্ছেদ ২০৭ ৰ উপবন্ধ সমূহ প্ৰযোজ্য হোৱা সকলো ধন সম্পৰ্কীয় বিধেয়ক বা আন বিধেয়ক সেই বাজ্যৰ বিধান মণ্ডলৰ দ্বাৰা পাৰিত হোৱাৰ পিচত সেইবোৰ বাষ্ট্ৰপতিৰ বিচাৰৰ কাৰণে ৰক্ষিত ৰাখিবৰ বাবে উপবন্ধ অন্তৰ্ভুক্ত হব পাৰে; (খ) এই অনুচ্ছেদৰ অধীনত জাৰিকৰা কোনো উঘোষণা প্ৰৱৰ্তিত হৈ থকা কালছোৱাৰ ভিতৰত উচ্চন্যায়ালয় আৰু উচ্চতমন্যায়ালয়ৰ ন্যায়াধীশসকলকে ধৰি সংঘৰ কাম-কাজৰ লগত জড়িত থকা বিষয়ত সেৱা কৰা সকলো বা কোনো শ্ৰেণীৰ ব্যক্তিৰ বেতন আৰু ভাত্তা হ্ৰাস কৰিবলৈ নিৰ্দেশ জাবি কৰিবৰ কাৰণে ৰাষ্ট্ৰপতি সক্ষম হব। [

  • ]

১।সংবিধান (চতুঃচত্বাবিংশ সংশোধন) অধিনিয়ম, ১৯৭৮ৰ ধাৰা ৪১ ৰ দ্বাৰা খণ্ড (২)ৰ পৰিৱৰ্ত্তে প্ৰতিষ্ঠাপিত (২০-৬-৭৯ তাংৰ পৰ৷)। ২। সংবিধান (অষ্টত্ৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৫ ৰ ধাৰা ৮ ৰ দ্বাৰা অনুচ্ছেদ ৩৬০ ত খণ্ড (৫) যোগদিয়া হৈছিল (ভূতলক্ষী প্ৰভাৱেৰে কিন্তু সংবিধান (চতুঃচত্বাৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৮ ৰ ধাৰা ৪১ ব দ্বাবা তাক লোপ কৰা হয় {২০-৬-৭৯ তাংৰ গুবা)।