পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৫০ ভাবতব সংবিধান অষ্টাদশ ভাগসংকটকালীন উপবন্ধ সমূহ - অনুচ্ছেদ ৩৫২ (৫) এনেদৰে অনুমােদিত কোনাে উদঘোষণা যদিহে প্রতিসংহৃত নহয় তেনেহলে খণ্ড (৪) অধীনত উঘােষণাটো অনুমােদন কৰি লােৱা সংকল্পৰ দ্বিতীয়টো পাৰিত হােৱা তাৰিখৰ পৰা ছমাহ কাল অৱসান হােৱাৰ লগে লগে কাৰ্য্যকৰী নােহােৱা হব ঃ পৰস্তু, যদি আৰু যেতিয়াই এনে উদ্ঘঘাষণা বলবৎ কৰি ৰাখিবলৈ অনুমোদন কৰি সংসদ উভয় সদনৰ দ্বাৰা কোনাে সংকল্প পাৰিত কৰা হয় তেতিয়া, যদিহে প্ৰতিসংহৃত নহয়, এই খণ্ডৰ অধীনত যি তাৰিখৰ পৰা অন্যথা উদঘােষণাটো কাৰ্যকৰী নােহােৱা হ'লহেতেন সেই তাৰিখৰ পৰা ছমাহ কালৰ বাবে বলবৎ হৈ থাকিব ও অধিকন্তু, যদি এনে কোনাে ছমাহ কালৰ ভিতৰত লোেক সভাৰ বিঘটন হয় আৰু ৰাজ্য সভাৰ দ্বাৰা এনে উঘােষণা বলবৎ বাখিবলৈ অনুমােদন কৰি কোনাে সংকল্প পাৰিত হয় কিন্তু লােকসভাৰ দ্বাৰা তেনে উঘােষণা বলবংৰখাৰ সম্বন্ধত উক্ত কালৰ ভিতৰত পাৰিত নহয়, তেনেহলে পুনর্গঠিত লােকসভাৰ প্রথম বৈঠক বহা তাৰিখৰ পৰা ত্রিশ দিনৰ অৱসানত উদঘঘাষণাটো কাৰ্য্যকৰী নােহােৱা হব-যদিহে উক্ত ত্রিশ দিনৰ কাল অৱসানৰ পূবের্ব লােকসভাৰ দ্বাৰাও উঘােষণাটো বলবৎৰাখিবৰ বাবে অনুমােদন জনাই কোনাে সংকল্প পৰিত নহয়। । (৬) খণ্ড (৪) আৰু(৫) ব প্রয়ােজনৰ বাবে সংসদৰ যিকোনােটো সদনে সেই সদনৰ মুঠ সদস্য সংখ্যাৰ গৰিষ্ঠতাৰ দ্বাৰা আৰু সদনৰ উপস্থিত থকা আৰু ভােটদান কৰা সদস্য সকলৰ অন্যূন দুই- তৃতীয়াংশ সংখ্যা গৰিষ্ঠতাৰ দ্বাৰা কোনাে সংকল্প পাৰিত কৰিব পাৰিব। (৭) পূর্ববর্তী খণ্ডসমূহত অৰ্ত্তবিষ্ট যিকোনাে কথা থকা সত্ত্বেও, যদিহে লােকসভাই এনে উদঘঘাষণা অননুমােদিত কবি বা যথাস্থিতি, এনে উদূঘোষণা বলবংকৰি বখাটো অননুমােদিত কৰি কোনাে সংকল্প পাৰিত কৰে তেনেহ'লে ৰাষ্ট্রপতিয়ে খণ্ড (১) ৰ অধীনত জাৰি কৰা উদঘঘাষণা অথবা এনে উঘােষণাৰ পৰিবৰ্তন কৰি জাৰি কৰা উদঘােষণা প্রতিসংহৰণ কৰিব লাগিব। (৮) যেতিয়া নেকি খণ্ড (১) ৰ অধীনত জাবি কৰা কোনাে উদ্ঘােযণা বা যথাস্থিতি তেনে উঘােষণা বলবৎ ৰখাটো অননুমােদন কৰিবৰ বাবে অথবা তেনে উদঘঘাষণা পৰিবৰ্তন কৰি জাৰি কৰা কোনাে উঘােষণা অননুমােদন কৰিবৰ বাবে কোনাে সংকল্প উত্থাপন কৰাৰ অভিপ্রায় জনাই লােক সভাৰ মুঠ সদস্য সংখ্যাৰ অনুন এক-দশমাংশৰ দ্বাৰা স্বাক্ষৰিত কোনাে লিখিত জাননী- (ক) সদনৰ অধিবেশন চলি থকা অৱস্থাত অধ্যক্ষক; বা (খ) সদনৰ অধিবেশন চলি নাথাকিলে ৰাষ্ট্ৰপতিক দিয়া হয়, তেনেহ'লে যথাস্থিতি অধ্যক্ষ বা ৰাষ্ট্রপতিয়ে জাননী প্রাপ্ত কৰা তাৰিখৰ পৰা চৈধ্য দিনৰ ভিতৰত এনে সংকল্প বিবেচনাৰ উদ্দেশ্যে সদনৰ এক বিশেষ বৈঠক বহিব। [[(৯)] এই অনুচ্ছেদৰ দ্বাৰা ৰাষ্ট্ৰপতিৰ ওপৰত অর্পিত ক্ষমতাই বেলেগ বেলেগ আধাৰত যেনে যুদ্ধৰ বাবে বা বহিঃ আক্ৰমণৰ বাবে বা ”[সশস্ত্র বিদ্ৰোহৰ] বাবে অথবা যুদ্ধ বা বহিঃ আক্রমণ বা ‘[সশস্ত্র বিদ্রোহ] পৰা হব পবা আসন্ন বিপদৰ বাবে বেলেগ বেলেগ উদ্ঘােষণা জাৰি কৰাৰ ক্ষমতাকে অন্তর্ভুক্ত কৰিব, লাগিলে খণ্ড (১) ৰ অধীনত ৰাষ্ট্ৰপতিৰ দ্বাৰা ইতিমধ্যে জাৰি কৰা কোনো উঘােষণা আৰু তেনে উদ্ঘঘাষণাৰ প্রবর্তন চলি থাককেই বা নাথাকক। 8[*

  • ]]

১।সংবিধান (অষ্টত্রিংশ সংশােধন) অধিনিয়ম, ১৯৫০ ৰ ধাৰা ৫ৰ দ্বাৰা অন্তঃস্থাপিত (ভূতলক্ষী প্রভাৱেৰে)। ২। সংবিধান (চতুঃচত্বাৰিংশ সংশােধন) অধিনিয়ম, ১৯৭৮ৰ ধাৰা ৩৭ ৰ দ্বাৰা খণ্ড (৪) ক খণ্ড (৯) বুলি পুনঃঅঙ্কিত কৰা হৈছে (২০-৬-৭৯ তাংৰ পৰা)। ৩। উক্ত অধিনিয়মৰ ধাৰা ৩৭ ৰ দ্বাৰা “আভ্যন্তৰীণ অশান্তিৰ পৰিৱৰ্তে প্রতিষ্ঠাপিত (২০-৬- ৭৯ তাংৰ পৰা)। ৪। উক্ত অধিনিয়মৰ ধাৰা ৩৭ ৰ দ্বাৰা খণ্ড (5) লােপ কৰা হৈছে (২০-৬-৭৯ তাংৰ পৰা)।