পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সংকটকালীন অবস্থা ভাৰতৰসংবিধান। অষ্টাদশ ভাগসংকটকালীন উপবন্ধ সমূহ -অনুচ্ছেদ ৩৫৩-৩৫৬ ৩৫৩। যেতিয়া সংকটকালীন অৱস্থাৰ উদ্ঘঘাষণা প্ৰৱৰ্তন হৈ থাকে, তেতিয়া- (ক) এই সংবিধানত যিকোনো কথা থকা সত্ত্বেও, কোনো ৰাজ্যৰ কাৰ্যপালিকা ক্ষমতা কেনে উদঘোষণাৰপ্ৰভাৱ। ভাৱে প্ৰয়োগ কৰা হব সেই বিষয়ে যিকোনো ৰাজ্যক নিদ্দেৰ্শ দিয়া পৰ্যন্ত সংঘৰ কাৰ্যপালিকা ক্ষমতা বিস্তাৰিত হব; (খ) যিকোনো বিষয়ত বিধি প্ৰণয়ন কৰিবলৈ সংসদৰ যি ক্ষমতা সেই ক্ষমতাই তেনে বিষয়ৰ সম্বন্ধত সংঘৰ ওপৰত বা সংঘৰ পদাধিকাৰী সকলৰ আৰু প্ৰাধিকাৰী সকলৰ ওপৰত ক্ষমতা অৰ্পণ কৰিবলৈ আৰু কৰ্তব্য আৰোপণ কৰিবলৈ অথবা ক্ষমতা অৰ্পণ কৰিবৰ কাৰণে আৰু কৰ্ত্তব্য আৰোপণ কৰিবৰ কাৰণে প্ৰাধিকৃত কৰিবলৈ বিধি প্ৰস্তুত কৰিব পৰা ক্ষমতাকে অন্তৰ্ভুক্ত কৰিব লাগিলে সেই বিষয়টো সংঘ-সূচীত প্ৰগণিত নহওকেইঃ ১[পৰন্তু, যেতিয়া ভাৰতৰ ৰাজ্যক্ষেত্ৰ কেৱলমাত্ৰ কোনো এক ভাগতহে সংকটকালীন অৱস্থাৰ উদ্ঘঘাষণা বলবৎ হৈ থাকে তেতিয়া, (i) খণ্ড (ক) ৰ অধীনত নিৰ্দেশ দিবৰ বাবে সংঘৰ কাৰ্যপালিকা ক্ষমতা, আৰু (ii) খণ্ড (খ) ৰ অধীনত বিধি প্ৰণয়ন কৰিবৰ বাবে সংসদব ক্ষমত,-- যি ৰাজ্যত বা যি ৰাজ্যৰ কোনো ভাগত সংকটকালীন অৱস্থাৰ উদঘঘাষণা প্ৰৱৰ্তিত হৈ থাকে তাৰ বাহিৰেও যিকোনো ৰাজ্যলৈ বিস্তাৰিত হব যদিহে আৰু যি পৰ্য্যন্ত ভাৰতৰ যি ৰাজ্যক্ষেত্ৰত বা তাৰ কোনো ভাগত সংকটকালীন অৱস্থাৰ উদ্ঘঘাষণা বলবং হৈ থাকে তাত বা তাৰ সম্বন্ধত চলি থকা কাৰ্য্যকলাপৰ দ্বাৰা ভাৰতৰ বা ইয়াৰ ৰাজ্যক্ষেত্ৰৰ কোনো ভাগৰ নিৰাপত্তা বিপন্ন হয়।] ৩৫৪ (১) সংকট তাৱস্থাৰ উঘোষণা প্ৰৱৰ্তিত হৈ থকা সময়ত ৰাষ্ট্ৰপতিয়ে আদেশৰ দ্বাৰা নিৰ্দেশ সংকট অৱস্থাৰ দিব পাৰে যে অনুচ্ছেদ ২৬৮ৰ পৰা ২৭৯ লৈ থকা সকলোেবোৰ বা যিকোনোটো উপবন্ধ এনে কালৰ উদ্ঘঘাষণা বলবৎ থকা বাবে যিটোনেকি সেই আদেশত বিনিৰ্দিষ্টকৰি দিয়ে আৰু যিকোনো অবস্থাতেই যি বিত্তীয় বছৰত এনে সময়ত বাজস্ব বিতৰণ উদঘোষণা প্ৰৱৰ্ত্তনহীন হয় সেই বিতীয় বছব সমাপ্তিৰ পিচলৈকে বিস্তাবিত নোহোৱাকৈ এনে ব্যতিক্ৰম সম্পৰ্কীয় উপবন্ধৰ বা পৰিবৰ্তন সাপেক্ষে প্ৰভাৱী হব যিটোনেকি তেওঁ উচিত বুলি ভাবে। প্ৰয়োগ। (২) খণ্ড (১)অধীনত দিয়া প্ৰত্যেক আদেশ, তেনেআদেশ দিয়াৰ পিচত যিমান পাৰি সোনকালে, সংসদৰ প্ৰত্যেক সদতে দাখিল কৰিব লাগিব। ৩৫৫। বৈদেশিক আক্ৰমণ আৰু আভ্যন্তৰীণ অশান্তিৰ বিৰুদ্ধে প্ৰত্যেক বাজ্যকে ৰক্ষা কৰা আৰু বৈদেশিক আক্ৰমণ এই সংবিধানৰ উপবন্ধ সমূহৰ মতে যাতে প্ৰত্যেক ৰাজ্যৰ চৰকাৰ চলে তাক সুনিশ্চিত কৰাটো সংঘৰ আৰু আভ্যন্তৰীণ অশান্তিৰ বিৰুদ্ধে। বাজ্যসমূহক ৰক্ষা কৰা সংঘৰকৰ্ত্তব্য। ৩৫৬।(১) কোনো ৰাজ্যৰ ৰাজ্যপালৰ [* ] পৰা প্ৰতিবেদন পাই নাইবা আন ৰাজ্যসমূহত প্ৰকাৰে যদি ৰাষ্ট্ৰপতি পতিয়ন যায় যে এই সংবিধানব উপবন্ধ সমূহ অনুসৰি সেই ৰাজ্যৰ চৰকাৰ চলিব সাংবিধানিক যন্ত্ৰ নোৱাৰা অৱস্থা এটাই দেখা দিছে, তেনেহলে ৰাষ্ট্ৰপতিয়ে উদঘঘাষণাৰ দ্বাৰা — ব্যৰ্থ হোৱা বিষয়ক (ক) সেই ৰাজ্যৰ চৰকাৰৰ সকলোবোৰ বা যিকোনোটো কৃত্য আৰু সেই ৰাজ্যৰ বিধান মণ্ডলৰ উপবন্ধ। বাহিৰে ৰাজ্যপালৰ [*

  • ] বা আন কোনো নিকায় বা প্ৰাধিকাৰীৰ ওপৰত ন্যস্ত

হোৱা বা তেওঁলোকে প্ৰয়োগ কৰিব পৰা সকলোবোৰ বা যিকোনোটো ক্ষমতা নিজে গ্ৰহণ কৰিব পাৰে; কৰ্তব্য হব।

১।সংবিধান (দ্বাচত্বাৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৬ৰ ধাৰা ৪৯ ৰ দ্বাৰা অন্তঃস্থাপিত (৩-১- ৭৭ তাংৰ পৰা)। ২।সংবিধান (সপ্তম সংশোধন) অধিনিয়ম, ১৯৫৬ ৰ ২৯ ধৰাি আৰু অনুসূচীৰ দ্বাৰা “বৰাজপ্ৰমুখ” শব্দ সমূহ লোপ কৰা হৈছে। ৩। উক্ত অধিনিয়মৰ উক্ত ধাৰা আৰু অনুসূচীৰ দ্বাৰা বা যথাস্থিতি ৰাজপ্ৰমুখ” এই কথাখিনি লোপ কৰা হৈছে।