পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰ সংবিধান ১৪৯ 1 অষ্টাদশ ভাগ সংকটকালীন উপবন্ধ সমূহ ৩৫২। (১) যদি ৰাষ্ট্রপতি এই বুলি পতিয়ন যায় যে যুদ্ধ বা বহিঃআক্রমণ অথবা [সশস্ত্র সংকট অৱস্থাৰ বিদ্ৰোহৰ] দ্বাৰা এনে গুৰুতৰ সংকট অৱস্থাৰ সৃষ্টি হৈছে যাৰ দ্বাৰা ভাৰতৰ বা ইয়াৰ ৰাজ্যক্ষেত্ৰৰ উদ্ঘােষণ। কোনাে ভাগৰ নিৰাপত্তা বিপন্ন হৈছে, তেনেহলে তেওঁ উদূঘােষণৰ দ্বাৰা উদ্‌ঘােষণাটোত যথা বিনির্দিষ্ট অনুযায়ী সমগ্ৰ ভাৰতব অথবা ইয়াব এনে কোনাে ভাগৰ সম্বন্ধত] সেই মর্মে ঘােষণা কৰিব পাৰে। [স্পষ্টীকৰণ ঃ-ভাৰতৰ বা ইয়াবৰাজ্যক্ষেত্ৰৰ কোনাে ভাগৰ নিৰাপত্তা যুদ্ধৰ দ্বাৰা বা বহিঃআক্ৰমণৰ দ্বাৰা বা সশস্ত্র বিদ্ৰোহৰ দ্বাৰা বিপন্ন হােৱা বুলি ঘােষণা কৰি সংকটকালীন উদঘঘাষণা, যুদ্ধ বা তেনে কোনো আক্রমণ বা বিদ্রোহ প্রকৃততে হােৱাৰ পূবের্বই কৰিব পাৰে - যদিহে ৰাষ্ট্রপতি এই বুলি পতিয়ন যায় যে এই বিলাকৰ পৰা আসন্ন বিপদ হৈছে।] [(২) খণ্ড (১) ৰ অধীনত জাৰি কৰা কোনাে উদ্ঘঘাষণা পৰৱৰ্ত্তী উদঘােষণাৰ দ্বাৰা পৰিবৰ্ত্তিত বা প্রতিসংহৃত কৰিব পাৰিব। (৩) বাষ্ট্রপতিয়ে খণ্ড (১) ৰ অধীনত কোনাে উদ্ঘঘাষণা বা এনে উঘােষণা পৰিবৰ্তন কৰি দিয়া কোনাে উদঘােষণা জাৰি নকৰিব যদিহে এনে উদঘােযণা কৰিব লাগে বুলি সংঘব মন্ত্রী মণ্ডলৰ (অর্থাৎ প্রধান মন্ত্রী আৰু অনুচ্ছেদ ৭৫ ৰ অধীনত নিয়ােজিত কেবিনেট পৰ্য্যায়ৰ আন মন্ত্ৰী সকলৰ দ্বাৰা গঠিত পৰিষদৰ) সিদ্ধান্ত লিখিতভাৱে তেওঁক জনােৱা নহয়। (৪) এই অনুচ্ছেদৰ অধীনত জাৰি কৰা প্ৰত্যেকটো উদঘােযণা সংসদৰ প্রত্যেক সদনৰ আগত উপস্থাপিত কৰিব লাগিব আৰু পূর্ববর্তী উদূঘােষণা প্রতিসংহৰণ কৰি দিয়া উঘোষণাৰ ব্যতিৰেকে, এনে উদঘঘাষণা এমাহকাল অতিবাহিত হােৱাৰ লগে লগে প্রবর্তিত নােহােৱা হব যদিহে সেই কালছােৱা অতিবাহিত হােৱাৰ পূবের্ব সংসদৰ উভয় সদনৰ সংকল্পৰ দ্বাৰাতাক অনুমােদিত কৰা নহয় ও পৰস্তু, যদি এনে কোনাে উঘোষণা (পূর্ববর্তী উদ্ঘােষণা প্রতিসংহৃত কৰি কৰা উদ্ঘঘাষণা নহয়) এনে সময়ত জাৰি কৰা হয় যি সময়ত লােক সভা বিঘটিত হৈ থাকে বা এই খণ্ডত উল্লেখ কৰা এমাহ কালৰ ভিতৰত লােকসভাৰ বিঘটন হয়, আৰু যদি ৰাজ্য সভাৰ দ্বাৰা এই উদঘাষণা অনুমোদন কৰি কোনাে সংকল্প পাৰিত হয়, কিন্তু সেই কালছােৱা অতিবাহিত হােৱাৰ পূবের্ব লােক সভাৰ দ্বাৰা এনে উদ্‌ঘােষণাৰ সম্বন্ধত কোনাে সংকল্প পাৰিত নহয়, তেনেহলে পুনর্গঠিত 'লােক সভাৰ প্রথম বৈঠক বহা তাৰিখৰ পৰা ত্রিশ দিনৰ অৱসানত উদূঘােষণাটো কাৰ্যকৰী নােহােৱা হব যদিহে উক্ত ত্রিশ দিনৰ কাল অৱসানৰ পূবের্ব লােক সভাৰ দ্বাৰাও উদঘােষণাটো অনুমােদন কৰি কোনাে সংকল্প পাৰিত নহয়। ১। সংবিধান (চতুঃচৰিংশ সংশােধন) অধিনিয়ম, ১৯৭৮ ৰ ধাৰা ৩৭ ৰ দ্বাৰা “আভ্যন্তৰীণ অশান্তি”ৰ পৰিৱৰ্তে প্রতিষ্ঠাপিত (২০-৬-৭৯ তাংৰ পৰা)। ২। সংবিধান (দ্বাচত্বাবিংশ সংশােধন) অধিনিয়ম, ১৯৭৬ ৰ ধাৰা ৪৮ ৰ দ্বাৰা অন্তঃস্থাপিত (৩- ১-৭৭ তাংৰ পবা)। ৩। সংবিধান (চতুঃচত্বাৰিংশ সংশােধন) অধিনিয়ম, ১৯৭৮ ৰ ধাৰা ৩৭ ৰ দ্বাৰা অন্তঃস্থাপিত (২০-৬-৭৯ তাংৰ পৰা)। ৪। উক্ত অধিনিয়মৰ ধাৰা ৩৭ ৰ দ্বাৰা খণ্ড (২), (২) ক আৰু (৩) ৰ পৰিৱৰ্ত্তে প্রতিষ্ঠাপিত (২০- ৬-৭৯ তাংৰ পৰা)।