পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৪১ ভাৰতৰ সংবিধান ষষ্ঠদশ ভাগ কিছুমান শ্রেণীৰ সম্পর্কে বিশেষ উপবন্ধ - অনুচ্ছেদ ৩৩৪-৩৩৭ (খ) মনােনয়ন ক্রমে লােক সভা আৰু ৰাজ্য সমুহৰ বিধান সভা সমূহত এংল’ইণ্ডিয়ান সম্প্রদায়ৰ প্রতিনিধিত্ব সম্পৰ্কত থকা এই সংবিধানৰ উপবন্ধ সমুহ, এই সংবিধানৰ প্ৰাৰম্ভণিৰ পৰা ধৰি [পঞ্চাশ বছৰ ] কাল অতিবাহিত হােৱাৰ পাচত প্রযােজ্য নহব । পৰস্তু, এই অনুচ্ছেদৰ কোনাে কথাই তেতিয়াৰ বিদ্যমান লােক সভা বা কোনাে ৰাজ্যৰ বিধান সভা ভংগ নােহােৱালৈকে লােক সভা আৰু বিধান সভাৰ প্রতিনিধিত্বৰ ওপৰত প্ৰভাৱ নেপেলাব। > সেৱা আৰু পদত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ ৩৩৫।সংঘ বা কোনাে ৰাজ্যৰ কাম-কাজৰ লগত জড়িত থকা সেৱা আৰু পদত নিয়ােগ কৰােতে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ সদস্য সকলৰ দাবী সম্পর্কে প্রশাসনৰ কাৰ্যপটুতা ৰক্ষাৰ লগত সংগতি ৰাখি বিচাৰ কৰা হব। দাবী। কিছুমান সেৱাত এংলাে ইণ্ডিয়ান সম্প্রদায়। বাবে বিশেষ উপবন্ধ। ৩৩৬।(১) এই সংবিধানৰ প্ৰাৰম্ভণিৰ পিচত প্রথম দুবছৰৰ ভিতৰত সংঘৰ ৰেল, সীমা শুল্ক, ডাক আৰু তাৰ সেৱাৰ পদ সমূহত এংল’ ইণ্ডিয়ান সম্প্রদায়ৰ লােকসকলৰ নিযুক্তি ১৯৪৭ চনৰ ১৫ আগষ্টৰ ঠিক পুৰ্ব্বে হােৱা ভিত্তিতেই হক।. পৰবৰ্ত্তী প্রত্যেক দুবছৰৰ ভিতৰত উক্ত সেবা সমূহত উক্ত সম্প্রদায়ৰ লােকসকলৰ কাৰণে আৰক্ষিত পদৰ সংখ্যা, যিমান দূৰ সম্ভৱ হয়, তাৰ অব্যবহিত পূৰ্বৰ দুবছৰৰ ভিতৰত তেনেদৰে আৰক্ষিত সংখ্যাৰ শতকৰা দহভাগ কম হব ঃ পৰস্তু, এই সংবিধানৰ প্রাৰম্ভণিৰ পৰা দহ বছৰৰ মূৰত এনে সকলোেবােৰ আৰক্ষণৰ অন্ত পৰিব। (২) অন্যান্য সম্প্রদায়ৰ লােক সকলৰ তুলনাত গুনাগুণৰ ভিত্তিত এংল’ ইণ্ডিয়ান সম্প্রদায়ৰ -লােকসকলৰ নিযুক্তিৰ কাৰণে অৰ্হতাসম্পন্ন বুলি বিবেচিত হলে খণ্ড (১) ৰ কোনাে কথাই সেই সম্প্রদায়ৰ কাৰণে আৰক্ষিত পদ সমূহৰ বাহিৰে আন পুদিত, বা সেই বােৰৰ উপৰিও, সেই সম্প্রদায়ৰ লােক সকলৰ নিযুক্তিৰ বাধা আৰােপ নকৰে। এংলাে ইণ্ডিয়ান সম্প্রদায়ৰ হিতৰ বাবে শিক্ষামূলক অনুদান সম্পর্কে বিশেষ উপবন্ধ। ৩৩৭। শিক্ষাৰ সম্বন্ধত এংল’ ইণ্ডিয়ান সম্প্রদায়ৰ হিতৰ কাৰণে ১৯৪৮ চনৰ ৩১ মার্চৰ দিনা পুৰ হােৱা বিত্তীয় বছৰটোত যদি কিবা অনুদান দিয়া হৈছিল, সংঘই আৰু [*** ***] প্রত্যেক ৰাজ্যই সংবিধানৰ প্রাৰম্ভণিৰ পিচত প্রথম তিনিটা বছৰৰ ভিতৰত ঠিক তেনে অনুদানকে দিব। পৰবৰ্তী প্রত্যেক তিনি বছৰৰ ভিতৰত তাৰ অব্যবহিত পূৰ্বৰ বছৰ তিনিটাৰ ভিতৰত থকা অনুদানতকৈ তেনে অনুদান শতকৰা দহ'ভাগ কমিব পাৰে , পৰস্তু, এই সংবিধানৰ প্রাৰম্ভনিৰ পৰা দহ বছৰৰ মূৰত এল ইণ্ডিয়ান সম্প্রদায়ৰ কাৰণে বিশেষ সুবিধা হিচাপে দিয়া এনে অনুদানৰ অন্ত পৰিব ? অধিকন্তু, এংল’ইণ্ডিয়ান সম্প্রদায়ৰ বাহিৰে আন সম্প্রদায়ৰ সমূহৰ লােকসকলৰ কাৰণে শিক্ষা অনুষ্ঠানত অন্ততঃ শতকৰা চল্লিশ ভাগ বার্ষিক ভৰ্তি কৰণৰ ব্যৱস্থা নাথাকিলে কোনাে শিক্ষা অনুষ্ঠান এই অনুচ্ছেদৰ অধীনত কোনাে অনুদান পােৱাৰ হকদাৰ নহব। 1 ১। সংবিধান (দ্বিষষ্টিতম সংশােধন) অধিনিয়ম, ১৯৮৯ ৰ ধাৰা ২ ৰ দ্বাৰা (২০-১২-১৯৮৯ ৰ পৰা প্ৰভাৱী হােৱাকৈ) “চল্লিশ বছৰ”ৰ বাবে প্রতিস্থাপিত। ২। সংবিধান (সপ্তম সংশােধন) অধিনিয়ম,১৯৫৬ ৰ ধাৰা ২৯ আৰু অনুসূচীৰ দ্বাৰা “প্রথম অনুসূচীৰ ক ভাগ বা খ ভাগত নির্দিষ্ট” এই কথাখিনি লােপ কৰা হৈছে।