পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

1 ১৪২ ভাৰতৰ সংবিধান যষ্ঠদশ ভাগ – কিছুমান শ্ৰেণীৰ সম্পর্কে বিশেষ উপবন্ধ - অনুচ্ছেদ ৩৩৮ ৰাষ্ট্ৰীয় অনুসূচিত ৩৩৮।[(১) অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি সমূহৰ বাবে এখন আয়ােগ থাকিব যি জাতি আৰু অনুসূচিত ৰাষ্ট্ৰীয় অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি আয়ােগ নামেৰে জ্ঞাত হ'ব। জনজাতি আয়ােগ।] (২) সংসদৰ দ্বাৰা এই নিমিত্তে প্রণীত কোনাে বিধিৰ উপবন্ধ সমূহ সাপেক্ষে, আয়ােগ, এজন অধ্যক্ষ, এজন উপাধ্যক্ষ আৰু পাঁচ জন আন সদস্যৰে গঠিত হ’ব আৰু এনেদৰে নিযুক্ত অধ্যক্ষ, উপাধ্যক্ষ আৰু আন সদস্য সকলৰ সেৱাৰ চৰ্তাৱলী আৰু পদাবধি এনে হ’ব যি ৰাষ্ট্রপতিয়ে নিয়মৰ দ্বাৰা অৱধাৰিত কৰে। (৩) ৰাষ্ট্রপতিয়ে তেওঁৰ স্বাক্ষৰ আৰু চাব মােহৰেৰে অধিপত্ৰৰ দ্বাৰা আয়ােগৰ অধ্যক্ষ, উপাধ্যক্ষ আৰু আন সদস্য সকলক নিযুক্ত কৰিব। (৪) আয়ােগৰ নিজৰ প্রক্রিয়া নিজে বিনিয়মিত কৰিবলৈ ক্ষমতা থাকিব। (৫) আয়ােগৰ এইটো কর্তব্য হ’ব যে ই-- (ক) অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে এই সংবিধানৰ অধীনত বা তৎসময় বলবৎ থকা আন কোনাে বিধিৰ অধীনত বা চৰকাৰৰ কোনাে আদেশৰ অধীনত উপবন্ধিত ৰক্ষণ ব্যৱস্থাৰ সম্বন্ধত সকলাে বিষয়ৰ অনুসন্ধান কৰে আৰু পৰ্যবেক্ষণ কৰে আৰু এনে ৰক্ষণ ব্যৱস্থাৰ কাৰ্যকৰণৰ মূল্যায়ণ কৰে; (খ) অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি সমূহৰ অধিকাৰ আৰুৰক্ষণ ব্যৱস্থা সমূহৰ পৰা বঞ্চিত হােৱাৰ সম্বন্ধত বিনির্দিষ্ট গােচৰ সমূহৰ তদন্ত কবে; (গ) অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি সমূহৰ আর্থ সামাজিক বিকাশৰ পৰিকল্পনা প্রক্রিয়াত ভাগ লয় আৰু উপদেশ দিয়ে আৰু সংঘ আৰু কোনাে ৰাজ্যৰ অধীনত তেওঁলােকৰ বিকাশৰ প্ৰগতিৰ মূল্যায়ণ কৰে; (ঘ) সেই ৰক্ষণ ব্যৱস্থা সমূহৰ কাৰ্যকৰীতাৰ ওপৰত প্ৰতি বছৰে, আৰু এনে অন্য সময়ত যি আয়ােগে উচিত বুলি গণ্য কৰে, ৰাষ্ট্রপতিক প্রতিবেদন দিয়ে; (ঙ) এনে প্রতিবেদন সমূহত সেই ব্যৱস্থা সমূহৰ বিষয়ে যি সেই ৰক্ষণ ব্যৱস্থা সমূহৰ কাৰ্যকৰী প্রয়ােগৰ বাবে সংঘ বা কোনাে ৰাজ্যৰ দ্বাৰা গ্ৰহণ কৰা উচিত, আৰু অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি সমূহৰ সুৰক্ষা, কল্যাণ আৰু আর্থ-সামাজিক বিকাশৰ বাবে আন ব্যৱস্থা সমূহৰ বিষয়ে চুপাৰিছ কৰে; আৰু (চ) অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি সমূহৰ সুৰক্ষা, কল্যাণ আৰু বিকাশ আৰু উন্নয়নৰ

সম্বন্ধত এনে আন কৃত্য সমূহ নির্বহণ কৰে যি ৰাষ্ট্রপতিয়ে সংসদৰ দ্বাৰা প্ৰণীত কোনাে বিধিৰ

উপবন্ধ সমূহ সাপেক্ষে, নিয়মৰ দ্বাৰা বিনিৰ্দিষ্ট কৰে; '. :'; .:: (৬) ৰাষ্ট্রপতিয়ে এনে সকলাে প্রতিবেদন সংসদৰ প্রত্যেক সদনৰ সন্মুখত উপস্থাপন কৰাব আৰু তাৰ সৈতে সংঘৰ সম্বন্ধত ছুপাৰিছৰ ওপৰত গ্ৰহণ কৰা বা গ্ৰহণ কৰিবলৈ প্রস্তাৱিত কাৰ্য্য ব্যৱস্থা আৰু কোনাে এনে ছুপাৰিছৰ অস্বীকৃতিৰ বাবে, যদি আছে, কাৰণ সমূহৰ স্পষ্টীকৰণ দিয়া এনে স্মাৰ্ক পত্ৰ থাকিব। . ১। সংবিধান (পঞ্চযষ্ঠিতম সংশােধন) অধিনিয়ম, ১৯৯০ ৰ দ্বাৰা পার্শ্ব শিৰােনামা “অনুসূচিত জাতি, অনুসূচিত জনজাতি আদিৰ কাৰণে বিশেষ পদাধিকাৰী”ৰ বাবে প্রতিষ্ঠাপিত (১২-৩-৯২ ৰ পৰা প্ৰভাৱী হােৱাকৈ)। ২। একে অধিনিয়মৰ দ্বাৰা খণ্ডসমূহ (১) আৰু (২) ৰ বাবে প্রতিষ্ঠাপিত (১২-৩-৯২ ৰ পৰা প্রভাৱী হােৱাকৈ)।