পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰ সংবিধান দ্বাদশভাগ-বিত্ত, সম্পত্তি, সংবিদা আৰুবাদসমূহ -অনুচ্ছেদ ২৯৪-২৯৬ (ক) যি সম্পত্তি আৰু বিভব এনে প্ৰাৰম্ভণিৰ অব্যবহিত পূৰ্বে ভাৰত ডমিনিয়ন -'চৰকাৰৰ প্ৰয়োজনৰ বাবে মহামান্য সম্ৰাটৰ ওপৰত ন্যস্ত আছিল আৰ যি সম্পত্তি আৰু বিভব এনে প্ৰাৰম্ভণিৰ অব্যবহিত পূৰ্বে প্ৰত্যেকখন ৰাজ্যপালৰ প্ৰদেশৰ চৰকাৰৰ প্ৰয়োজনৰ বাবে মহামান্য সম্ৰাটৰ ওপৰত ন্যস্ত আছিল, সেই সকলো সম্পত্তি আৰু বিভব যথাক্ৰমে সংঘ আৰু তত স্থানীয় ৰাজ্যৰ ওপৰত ন্যস্ত হব; আৰু (খ) ভাৰত ডমিনিয়ন চৰকাৰ আৰু প্ৰত্যেকখন ৰাজ্যপালৰ প্ৰদেশৰ চৰকাৰৰ সকলো অধিকাৰ, দায়িত্ব আৰু বাধ্য-বাধকতা লাগিলে কোনো সংবিদাৰ পৰাই উদ্ভব হওক, বা অন্যথাই উদ্ভৱ হওক, যথাক্ৰমে » ভাৰত চৰকাৰ আৰু প্ৰত্যেক তৎস্থানীয় ৰাজ্যৰ চৰকাৰৰ অধিকাৰ, দায়িত্ব আৰ বাধ্য-বাধকতা হব। ২৯৫ (১) এই সংবিধানৰ প্ৰাৰম্ভণিৰ লগে লগে ভাৰত চৰকাৰৰ দ্বাৰা সংশ্লিষ্ট ভাৰতীয় অন্যান্য ক্ষেত্ৰত ৰাজ্যৰ চৰকাৰৰ লগত কৰা কোনো কৰাৰ সাপেক্ষে — সম্পত্তি, বিভব, অধিকাৰ, দায়িত্ব (ক) এনে প্ৰাৰম্ভণিৰ অব্যবহিত পূৰ্বে প্ৰথম অনুসূচীৰ থ ভাগত বিনিৰ্দিষ্ট এখন ৰাজ্যৰ তৎস্থানীয় কোনো ভাৰতীয় ৰাজ্যৰ ওপৰত ন্যস্ত থকা সকলো সম্পত্তি আৰু বাধ্যবাধকতাৰ আৰু বিভৱ সংঘৰ ওপৰত ন্যস্ত হব যদিহে এনে প্ৰাৰম্ভণিৰ অব্যবহিত পূৰ্বে উত্তৰাধিকাৰ। এনে সম্পত্তি আৰ বিভব -যি প্ৰয়োজন সমূহৰ বাবে ধাৰণ কৰা হৈছিল তাৰ পিছততা সংঘ-সূচীত প্ৰগণিত বিষয় সমূহৰ যিকোনোটোৰ সম্পৰ্কত সংঘব সেই একে প্ৰয়োজনেই হয়, আৰ (খ) প্ৰথম 'অনুসূচীৰ খ ভাগত বিনিৰ্দিষ্ট এখন ৰাজ্যৰ তৎস্থানীয় কোনো ভাৰতীয় ৰাজ্যৰ সকলো অধিকাৰ, দায়িত্ব' আৰু বাধ্য-বাধকতা লাগিলে কোনো সংবিদাৰ পৰাই উদ্ভব হওক বা অন্যথাই উদ্ভৱ হওঁক, ভাৰত চৰকাৰৰ অধিকাৰ, দায়িত্ব আৰু বাধ্য-বাধকতা হব, যদিহে এনে প্ৰাৰম্ভণিৰ পূৰ্বে যি প্ৰয়োজনৰ বাবে এনে অধিকাৰ সমূহ অৰ্জন কৰা বা দায়িত্ব বা বাধ্যবাধকতা সমূহ লোবা হৈছিল তাৰ পিছতো সংঘ-সূচীত প্ৰগণিত বিষয় সমূহৰ যি কোনোটোৰ সম্পৰ্কত সংঘৰ সেইএকে প্ৰয়োজনেই হয়। (২) যথা উপৰোক্ত সাপেক্ষে প্ৰথম অনুসূচীৰ খ ভাগত বিনিৰ্দিষ্ট প্ৰত্যেক ৰাজ্যৰ চৰকাৰ, এই সংবিধানৰ প্ৰাৰম্ভণিৰ লগে লগে কোনো সংবিদাৰ পৰা উদ্ভব হোবা বা অন্যথাই উদ্ভব হোৱা কিন্তু খণ্ড (১তি উল্লেখ কৰাবোৰৰ বাহিৰে আন সকলো সম্পত্তি, বিভব আৰু সকলো অধিকাৰ, দায়িত্ব আৰু বাধ্য-বাধকতাৰ সম্বন্ধত তৎস্থানীয় ভাৰতীয় ৰাজ্যৰ চৰকাৰৰ উত্তৰাধিকাৰী হব। ২৯৬ এই সংবিধানৰ প্ৰবৰ্ত্তন নোহোৱাহেঁতেন ভাৰতৰ ৰাজ্যক্ষেত্ৰত থকা যি সম্পত্তি ৰাজগামী বা ম্যাদ ৰাজগামী বা ম্যাদ অন্ত হোৱাৰ দ্বাৰা অথবা অধিকাৰ প্ৰাপ্ত স্বামীৰ অবিহনে স্বামীহীৰূপে অন্ত হোৱা বা স্বামী মহামান্য সম্ৰাট বা যথাস্থিতি মতে, কোনো ভাৰতীয় ৰাজ্যৰ ৰাজন্যলৈ প্ৰাপ্ত হ'লহেঁতেন, হীনত্বৰ পৰা প্ৰাপ্ত তেনে সম্পত্তি ইয়াৰ পাচত উপবন্ধিত সাপেক্ষে কোনো এখন ৰাজ্যত থাকিলে এনে ৰাজ্যত সম্পত্তি। ন্যস্ত হব আৰু আন যিকোনো ক্ষেত্ৰত সংঘত ন্যস্ত হব। পৰন্তু, যি তাৰিখত কোনো সম্পত্তি মহামান্য সম্ৰাটলৈ বা কোনো এখন ভাৰতীয়। ৰাজ্যৰ ৰাজনলৈ এনে ভাবে প্ৰাপ্ত হ'লহেঁতেন, সেই সময়ত যদি তেনে সম্পত্তি ভাৰত চৰকাৰৰ বা কোনো ৰাজ্যৰ চৰকাৰৰ নিয়ন্ত্ৰণ বা অধীনত থাকে তেনেহলে" যি প্ৰয়োজনৰ বাবে তাক ব্যবহাৰ কৰা বা ধাৰণ কৰা হৈছিল সেই প্ৰয়োজন যদি সংঘৰ হয় তেনেহলে সংঘত বা সেই প্ৰয়োজন যদি ৰাজ্যৰ হয় তেনেহলে সেই ৰাজ্যত নাস্ত হব।" স্পষ্টীকৰণ এই অনুচ্ছেদত থকা ৰাজন্য আৰু ভাৰতীয় ৰাজ্য পদ দুফাকিৰ অৰ্থ অনুচ্ছেদ ৩৬৩ত থকা সেই পদৰ অৰ্থৰ সৈতে একে হব।