পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১০ ভাৰতৰ সংবিধান দ্বাদশভাগ -বিত্ত সম্পত্তি, সংবিদা আৰু বাদসমূহ অনুচ্ছেদ ২৯০-২৯৪ কিছুমান দেবাস্বাম নিখিলৈৰাৰ্ষিক শোখন। [ ১৯০ ক ছয়চল্লিছ লাখ পঞ্চাশ হাজাৰ টকাৰ এক ৰাশিৰ প্ৰত্যেক বছৰে কেৰালা ৰাজ্যৰ সঞ্চিত নিধিৰ ওপৰত ভাৰ পৰিব আৰ বিবাংকুৰ দেবাম নিধিক সেই টকা তাৰ পৰা শোধ কৰিব লাগিব আৰু তেৰলাখ পঞ্চাশ হাজাৰ টকাৰ এক ৰাশিৰ প্ৰত্যেক বহুৰে ২ [ তামিল নাদু ] ৰাজ্যৰ সঞ্চিত নিথিৰ ওপৰত ভাৰ পৰিব আৰু ১৯৫৬ চনৰ নবেম্বৰৰ পখিলা দিনৰ দিনা ত্ৰিবাংক্ৰকোচীন ৰাজ্যৰ পৰা সেই ৰাজ্যলৈ হস্তান্তৰিত হোৱা ৰাজ্যক্ষেত্ৰত ধুকা হিন্দু মন্দিৰ আৰু পবিত্ৰ স্থান সমূহ সংৰক্ষণ কৰিবলৈ সেই ৰাজ্যত স্থাপিত দোম নিধিক সেই টকা তাৰ পৰা শোধ কৰিব লাগিব। ৩ [ ২৯১

] দ্বিতীয় অধ্যায় – ধাৰণোৰা ভাৰত চৰকাৰৰ দ্বাৰা ধাৰ গ্ৰহণ। ২৯২ সংসদে বিধিৰ দ্বাৰা সময়ে সময়ে যথা নিয়ত কৰি দিয়া পৰিসীমাৰ ভিতৰত, যদি তেনে কোনো পৰিসীমা থাকে, ভাৰতৰ সঞ্চিত নিধিৰ প্ৰতিভূতিৰ ওপৰত ধাৰ লোবালৈকে আৰু তেনেদৰে যথা নিয়ত কৰা পৰিসীমাৰ ভিতৰত, যদি তেনে কোনো পৰিসীমা থাকে, প্ৰত্যাভুতি দিয়ালৈকে সংঘৰ কাৰ্যপালিকা ক্ষমতা বিস্তৃত হৈছে। ২৯৩ (১) কোনো ৰাজ্যৰ বিধান মণ্ডলে বিধিৰ দ্বাৰা সময়ে সময়ে যথা নিয়ত কৰি দিয়া পৰিসীমাৰ ভিতৰত, যদি তেনে কোনো পৰিসীমা থাকে, সেই ৰাজ্যৰ সঞ্চিত নিবিৰ প্ৰতিভূতিৰ ওপৰত ভাৰতৰ ৰাজ্যক্ষেত্ৰৰ ভিতৰত ধাৰ গ্ৰহণ কৰালৈকে আৰু তেনেদৰে নিয়ত, কৰা পৰিসীমাৰ ভিতৰত, যদি তেনে কোনো পৰিসীমা থাকে, প্ৰত্যাভূতি দিয়ালৈকে এই অনুচ্ছেদৰ উপবা সাপেক্ষে কোনো এখন ৰাজাৰ কাৰ্যপালিকা ক্ষমতা বিস্তৃত হৈছে। ৰাজ্যসমূহৰ দ্বাৰা খাৰ গ্ৰহণ। (২) সংসদৰ দ্বাৰা প্ৰণীত কোনো বিধিৰ দ্বাৰা বা অধীনত বান্ধি দিয়া চৰ্ত সাপেক্ষে ভাৰত চৰকাৰে কোনো ৰাজ্যক ধাৰ দিব পাৰে বা যেতিয়ালৈকে অনুচ্ছেদ ২৯২ৰ দ্বাৰা নিয়ত কোনো পৰিসীমা অতিক্ৰম কৰা নহয়, তেতিয়ালৈকে কোনো ৰাজ্যই ধাৰ গ্ৰহণ কৰা সম্পৰ্কত প্ৰত্যাভূতি দিব পাৰে, আৰ এনে ধাৰ দিবৰ কাৰণে যি ধন লাগে তাৰ ভাৰ ভাৰতৰ সঞ্চিত নিধিৰ ওপৰত পৰিব। (৩) ভাৰত চৰকাৰে বা ইয়াৰ পূৰ্ববৰ্তী চৰকাৰে কোনো ৰাজ্যৰ হাতত দিয়া, অথবা ভাৰত চৰকাৰে বা ইয়াৰ পূৰ্ববৰ্তী চৰকাৰে প্ৰত্যাভূতি দিয়া কোনো ধাৰৰ কোনো অংশ যদি অদ্যাবধি অশোধিত হৈ থাকে, তেনেহলে কোনো ৰাজ্যই ভাৰত চৰকাৰৰ সন্মতি , বিনা কোনো ধাৰ লব নোৱাৰিব পাৰে। (৪) এনেকুবা চৰ্ড সাপেক্ষে, যদি কিবা চৰ্ভ থাকে, খণ্ড (৩)ৰ অধীনত সন্মতি দিব পাৰে যি চওঁ নেকি, ভাৰত চৰকাৰে আৰোপ কৰাটো উচিত বুলি ভাবে। তৃতীয় অধ্যায়-সম্পত্তি,সংবিদা,অধিকাৰ,দায়িত্ব,বাধ্যবাধকতা আৰু বাদসমূহ ২৯৪ এই সংবিধানৰ প্ৰাৰম্ভণিৰ লগে লগে - এই সংবিধানৰ প্ৰাৰম্ভণিৰ পূৰ্বে পাকিস্থান ডমিনিয়ন অথবা পশ্চিম বংগ, পূৰ্ব বংগ, পশ্চিম পঞ্জাব আৰু পূৰ্ব পঞ্জাব প্ৰদেশ সমূহ সৃষ্টি হোবাৰ কাৰণ বশতঃ কৰা বা কৰিব লগীয়া হোৱা কোনো সমযোজন সাপেক্ষে — কিছুমান ক্ষেত্ৰত সম্পত্তি, বিভক্ত, অধিকাৰ, দায়িত্ব আৰুৰাধ্য- উত্তৰাধিকাৰ। ম সংবিধান (সপ্তম সংশোধন) অধিনিয়ম, ১৯৫৬ৰ ১৯ ধাৰাৰ দ্বাৰা অন্তঃস্থাপিত। ২ মাদ্ৰাজ ৰাজ্য (নাম পৰিবৰ্তন) অধিনিয়ম, ১৯৬৮ ৪ ধাৰাৰ দ্বাৰা মাদ্ৰাজ’ শব্দৰ সলনি প্ৰতিষ্ঠাপিত (১৪২১৯৬৯ তাংৰ পৰা)। ৩৷ সংবিধান (যষ্ঠবিংশ সংশোধন) অধিনিয়ম, ১৯৭১ৰ ধাৰা ২ৰ দ্বাৰা অনুচ্ছেদ ২১১ লোপ কৰা হৈছে (২৮-১২-৭১ তাংৰ পৰা)।