পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰ সংবিধান দ্বাদশ ভাগ —বিত্ত, সম্পত্তি, সংৰিদা আৰু বাদসমূহ =অনুচ্ছেদ-২৯৭-৩০০ প্ৰাদেশিক জলভাগৰ ১ ( ২৯৭। (১) প্ৰাদেশিক জলভাগৰ বা মহাদেশীয় জলমগ্ন তীৰভূমিৰ বা অনন্য বা মহাদেশীয় জলমগ্ন, অৰ্থনৈতিক জনৰ ভিতৰত অবস্থিত মহাসাগৰত থকা সকলো ভূমি, খনিজ আৰু অন্যান্য মূল্যবান বস্তু সংঘত ন্যস্ত হব আৰু সংঘৰ প্ৰয়োজনৰ বাবে ধাৰণ কৰা হব। তীবভূমিৰ ভিতৰত থকা মূল্যবান বস্তু (২) ভাৰতৰ অননা অৰ্থনৈতিক জ'নৰ আন সকলো সম্পদ ৰাজিও সংঘত নাস্ত হব আৰু অনন্য আৰু সংঘৰ প্ৰয়োজনৰ বাবে ধাৰণ কৰা হব। অৰ্থনৈতিক জনৰ সম্পদৰাজি সংঘত (৩) ভাৰতৰ প্ৰাদেশিক জলভাগৰ, মহাদেশীয় জলমগ্ন তীৰভূমিৰ, অনন্য অৰ্থনৈতিক জনৰ আৰু আন আন সামুদ্ৰিক জনৰ পৰিসীমা সংসদৰ দ্বাৰা প্ৰণীত বিধিৰ দ্বাৰা বা অধীনত ন্যস্ত হ'ব। সময়ে সময়ে বিনিৰ্দিষ্ট কৰাৰ দৰে হব। ] ২ বেপাৰ আদি কৰাৰ ক্ষমতা। { ২৯৮ সংঘ আৰু প্ৰত্যেক ৰাজ্যৰ কাৰ্যপালিকা ক্ষমতা কোনো বেপাৰ বা কাৰবাৰ কৰিবলৈ আৰু যিকোনো প্ৰয়োজনৰ বাবে সম্পত্তি অৰ্জন, ধাৰণ আৰু ব্যয়ন কৰিবলৈ আৰু সংবিদা কৰিবলৈ বিস্তৃত হব। পৰম্ভ, (ক) সংঘৰ উক্ত কাৰ্যপালিকা ক্ষমতা, এনেবিলাক বেপাৰ বা কাৰবাৰ বা প্ৰয়োজন যেতিয়ালৈকে এনে নহয় যে সেইবিলাকৰ সম্বন্ধত সংসদে বিধি প্ৰণয়ন কৰিব পাৰে, তেতিয়ালৈকে প্ৰত্যেক ৰাজ্যতে ৰাজ্যৰ দ্বাৰা প্ৰণীত বিধিৰ অধধীন হব; আৰু (খ) প্ৰত্যেক ৰাজ্যৰ উক্ত কাৰ্যপালিকা ক্ষমতা, এনেবিলাক বেপাৰ কাৰবাৰ বা প্ৰয়োজন যেতিয়ালৈকে এনে নহয় যে সেইবিলাকৰ সম্বন্ধত ৰাজ্যৰ বিধান মণ্ডলে বিধি প্ৰণয়ন কৰিব পাৰে, তেতিয়ালৈকে সংসদৰ দ্বাৰা প্ৰণীত বিধিৰ অধ্যধীন হব।] সংবিদা সমূহ।

  • দ্বাৰা

২৯৯৷ (১) সংঘ বা কোনো এখন ৰাজ্যৰ কাৰ্যপালিকা ক্ষমতা প্ৰয়োগ কৰি কৰা সকলো সংবিদা যথাস্থিতি মতে ৰাষ্ট্ৰপতিৰ বা ৰাজ্যৰ ৰাজ্যপালৰ ৩ [ * কৰা বুলি ব্যক্ত হব আৰু সেই ক্ষমতা প্ৰয়োগ কৰি কৰা এনে সকলো সংবিদা আৰু সকলো সম্পত্তি হস্তান্তৰণ পত্ৰ ৰাষ্ট্ৰপতি বা ৰাজ্যপালৰ ৩ [ * * ] হৈ, এনে ব্যক্তিৰ দ্বাৰা আৰু এনে ৰীতিমতে সম্পাদিত কৰিব যিদৰেনেকি তেওঁলোকে নিৰ্দেশ দিয়ে বা প্ৰাধিকৃত কৰে। (২) এই সংবিধানৰ প্ৰয়োজনৰ বাবে বা ভাৰত ৰকাৰৰ সম্পৰ্কত এতিয়ালৈকে। বলবৎ থকা কোনো অধিনিয়মৰ প্ৰয়োজনৰ বাবে প্ৰস্তুত কৰা আৰু সম্পাদন কৰা কোনো সংবিদা বা সম্পত্তি হস্তান্তৰণ পত্ৰৰ সম্বন্ধত ৰাষ্ট্ৰপতি নতুবা ৰাজ্যপাল 8 [ * কোনোবেই ব্যক্তিগত ভাবে দায়ী নহব নাইবা তেওঁলোকৰ কোনো এজনৰ হৈ এনে সংবিদা বা সম্পত্তি হস্তান্তৰণ পত্ৰ প্ৰস্তুত বা সম্পাদন কৰা কোনো ব্যক্তি সেইবোৰৰ সম্বন্ধত ব্যক্তিগত ভাবে দায়ী নহব। বাদ আৰু কাৰ্যবাহীসমূহ। ৩০০l (১) ভাৰত সংঘ নামত ভাৰত চৰকাৰে বা ভাৰত চৰকাৰৰ বিৰুদ্ধে বাদ আনিব পাৰে আৰু ৰাজ্য চৰকাৰে বা ৰাজাচৰকাৰৰ বিৰুদ্ধে সেই ৰাজ্যৰ নামত বাদ আনিব পাৰে আৰ এই সংবিধানৰ দ্বাৰা প্ৰদত্ত ক্ষমতাৰ আধাৰত অধিনিয়মিত, সংসদৰ বা এনে ৰাজ্যৰ বিধান মণ্ডলৰ অধিনিয়মৰ দ্বাৰা কৰা হোবা কোনো উপবন্ধ সাপেক্ষে, নিজ নিজ, বিষয় সম্পৰ্কত তেওঁলোকে বা তেওঁলোকৰ বিৰুদ্ধে এনে প্ৰকাৰে বাদ আনিব পাৰে যি প্ৰকাৰে অনুৰূপ কথাত, এই সংবিধানখন অধিনিয়মিত নোহোবা হলে, ভাৰত ডমিনিয়নে আৰু তুৎস্থানীয় প্ৰদেশ সমূহে বা তৎস্থানীয় ভাৰতীয় ৰাজ্য সমূহে অথবা তেওঁলোকৰ বিৰুদ্ধে বাদ আনিলেহেতেন। ১৷ সংবিধান (চত্বাবিংশ সংশোধন) অধিনিয়ম, ১৯৭৬ৰ ধাৰা ২ৰ দ্বাৰা মূল অনুচ্ছেদ ২৯৭ৰ পৰিবৰ্ত্তে প্ৰতিষ্ঠাপিত (২৭-৫-৭৬ তাংৰ পৰা)। • ২ সংবিধান (সপ্তম সংশোধন) অধিনিয়ম, ১৯৫৬ৰ ২০ ধাৰাৰ দ্বাৰা মূল ২৯৮ অনুচ্ছেদৰ পৰিবৰ্তে প্ৰতিষ্ঠাপিত। ৩. সংবিধান (সপ্তম সংশোধন) অধিনিয়ম, ১৯৫৬ৰ ধাৰা ২৯ আৰু অনুসূচীৰ দ্বাৰা বা ৰাজপুৰমুখ’ শব্দ সমূহ লোপ কৰা হৈছে। ৪। উপৰোক্ত অধিনিয়মৰ ধাৰা ২৯ আৰু অনুসূচীৰ দ্বাৰা “নতুবা ৰাজপ্ৰমুখ” শব্দসমূহ লোপ কৰা হৈছে।