পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

. ১০৮ ভাৰতৰ সংবিধান একাদশ ভাগ সংঘ আৰু ৰাজ্যসমূহৰ সম্বন্ধ - অনুচ্ছেদ ২৫২-২৫৬ (২) সংসদে পাৰিত কৰা এনে কোনো বিধি অনুৰূপ ৰীতিৰে পাৰিত বা গৃহীত সংসদৰ কোনো বিধিৰ দ্বাৰা সংশোধিত বা নিৰসিত হব পাৰে কিন্তু এনে বিধি প্ৰয়োগ হোৱা কোনো ৰাজ্যৰ সম্বন্ধত সেই ৰাজ্যৰ বিধান মণ্ডলৰ কোনো বিধিৰ দ্বাৰা সংশোধিত বা নিৰসিত হবু নোবাৰিব। অন্তৰাষ্ট্ৰীয় কৰাৰসমূহ। প্ৰভাৱী কৰিবৰ অৰ্থে বিধান। ২৫৩৷ এই অধ্যায়ৰ পূৰ্বগামী উপবন্ধ সমূহত যিকোনো কথা থকা সত্ত্বেও অন্য কোনো দেশ বা দেশ সমূহৰ লগত থকা কোনো সন্ধি কৰাৰ বা সংকল্পন (কনভেঞ্চন) অথবা কোনো অন্তৰাষ্ট্ৰীয় সন্মিলন, সংস্থা বা আন কোনো নিকায়ত কৰা বিনিশ্চয় কাৰ্যায়ন কৰিবৰ নিমিত্তে ভাৰতৰ ৰাজ্যক্ষেত্ৰৰ সৰ্বত্ৰ বা কোনো অংশ বিশেষৰ কাৰণে সংসদৰ বিধি প্ৰণয়ন কৰাৰ ক্ষমতা আছে। সংসদৰ দ্বাৰা কৰা বিধি আৰু। ৰাজ্যিক বিধান। মণ্ডলসমূহৰ দ্বাৰা কৰা বিধিব মাজত অসংগতি। ২৫৪ (১) কোনো ৰাজ্যৰ বিধান মণ্ডলৰ দ্বাৰা প্ৰণীত কোনো বিধিৰ কোনো উপবন্ধ যদি সংসদৰ দ্বাৰা প্ৰণীত এনে কোনো বিধিৰ উপবন্ধৰ লগত যি বিধি অধিনিয়মিত কৰিবলৈ সংসদ সক্ষম হয়, অথবা সমবৰ্ত্তী-সূচীত প্ৰগণিত বিষয় সমূহৰ, কোনোটোৰ সম্বন্ধত থকা কোনো বৰ্তমান বিধিৰ কোনো উপবন্ধৰ লগত বিৰোধ হয়, তেনেহলে খণ্ড: (২ৰ 'উপবন্ধ সমূহৰ সাপেক্ষে যথাস্থিতি সংসদৰ দ্বাৰা প্ৰণীত বিধি, লাগিলে এনে ৰাজ্যৰ বিধান মণ্ডলৰ দ্বাৰা প্ৰণীত বিধিৰ আগতেই পাৰিত হওক বা পাচতেই হওক, অথবা বৰ্তমান বিধি, অভিভাবী হব; আৰু ৰাজ্যৰ বিধান মণ্ডলৰ দ্বাৰা প্ৰণীত বিধি বিৰোধৰ মাত্ৰা পৰ্যন্ত বাতিল হব। (২) যেতিয়ানেকি সমবৰ্ত্তী-সূচীত প্ৰগণিত কোনো বিষয়ৰ সম্বন্ধত ম * * * কোনো ৰাজ্যৰ বিধান মণ্ডলে কৰা বিধিত এনে কোনো উপবন্ধ থাকে যিটোনেকি সংসদে আগতে কৰা, কোনো বিধিৰ উপবন্ধৰ লগত বা তেনে বিষয়ৰ সম্বন্ধত থকা কোনো বৰ্তমান বিধিৰ উপবন্ধৰ লগত বিৰোধ হয়, তেতিয়া যদি, তেনে ৰাজ্যৰ বিধান মণ্ডলে কুৰা বিধি ৰাষ্ট্ৰপতিৰ বিচাৰৰ কাৰণে ৰক্ষিত হৈছিল আৰু তেখেতৰ অনুমতি পাইছিল তেতিয়াহলে সেই দৰেকৃত বিধি সেই ৰাজ্যত অভিভাবী হব। পৰন্তু, এই উপবধৰ কোনো কথাই ৰাজ্যৰ বিধান মণ্ডলে কৰা তেনে বিধিৰ পৰিবৰ্দ্ধন, সংশোধন, সালসলনি বা নিৰসনকে অন্তৰ্গত কৰি তেনে বিষয়ৰ সম্বন্ধত কোনো সময়ত কোনো বিধি-অধিনিয়মিত কৰাৰ পৰা সংসদক নিবাৰণ কৰিব নোবাৰিব।

তা কোনো ৰাজ্যৰ বিধান মণ্ডলৰ কোনো ২৫৫ যদি সংসদৰ অথবা * [ অধিনিয়মত চুপাৰিছ আৰু পূৰ্ব মঞ্জুৰীৰ প্ৰয়োজনীয়াত কেৱল প্ৰক্ৰিয়াৰ বিষয় বুলি ধৰা

(ক) য'ত ৰাজ্যপালৰ চুপাৰিছ লগা হয় তাত ৰাজ্যপালে বা ৰাষ্ট্ৰপতিয়ে; (খ) য'ত ৰাজপ্ৰমুখৰ চুপাৰিছ লগা হয়, তাত ৰাজপ্ৰমুখ বা ৰাষ্ট্ৰপতিয়ে (গ) য'ত ৰাষ্ট্ৰপতিৰ চুপাৰিছ অথবা পূৰ্বমঙুৰী লগা হয় তাত ৰাষ্ট্ৰপতিয়ে; অনুমতি দিছে তেনেহলে এনে অধিনিয়ম বা এনে অধিনিয়মৰ কোনো উপবন্ধ কেবল এই বুলি অবিধিমান্য নহব যে এই সংবিধানৰ মতে দিবলগীয়া চুপাৰিছ দিয়া হোবা নাই বা পূৰ্বমঙুৰী পোবা নাই। দ্বিতীয় অধ্যায় –প্ৰশাসনীয় সম্বন্ধ সাধাৰণ ২৫৬া প্ৰত্যেক ৰাজ্যৰ কাৰ্যপালিকা ক্ষমতা এনেভাবে প্ৰয়োগ কৰিব যাতে সংসদে কৰা বিধিৰ আৰু সেই ৰাজ্যত প্ৰয়োগ কৰা বিদ্যমান বিধিৰ পালন নিশ্চিত কৰে, আৰ সংঘৰ কাৰ্যপালিকা ক্ষমতা কোনো ৰাজ্যৰ প্ৰতি এনে নিৰ্দেশ দিয়ালৈকে বিস্তৃত হব যিটোনেকি সেই প্ৰয়োজনৰ বাবে ভাৰত চৰকাৰে আবশ্যকীয় বোধ কৰে। ৰাজ্যসমূহৰ আৰু সংঘৰ বাধ্যবাধকতা। ১. সংবিধান (সপ্তম সংশোধন) অধিনিয়ম, ১৯৫৬ৰ ২৯ ধাৰা আৰু অনুসূচীৰ দ্বাৰা প্ৰথম অনুসূচীৰ ক, বা খ ভাগত বিনিৰ্দিষ্ট এই শবদ আৰু অক্ষৰ সমূহ লোপ কৰা হৈছে।