পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰ সংবিধান পৌৰ সভাৰ বিচনা। নৱম ক ভাগ-পৌৰসভা -অনুচ্ছেদ ২৪৩থ - ২৪৩ (২) এই অনুচ্ছেদত “সংক্ৰমণশীল ক্ষেত্ৰ” “ক্ষুদ্ৰতৰনগৰীয়া ক্ষেত্ৰ” বা “বৃহত্তৰ নগৰীয়া ক্ষেত্ৰই” এনে ক্ষেত্ৰক বুজাব যিদৰে ৰাজ্যপালে এই ভাগৰ প্ৰয়োজনাৰ্থে সেই ক্ষেত্ৰৰ জনসংখ্যা ইয়াত জনসংখ্যা ঘনতা, স্থানীয় প্ৰশাসনৰ বাবে উৎপন্ন ৰাজহ,কৃষি ভিন্ন কাৰ্য্যকলাপত নিয়োজনৰ শতকৰা হাৰ, আৰ্থিক গুৰুত্ব বা এনে আন বিষয়, যিটো তেওঁ উপযুক্ত বুলি গণ্য কৰে তাৰ প্ৰতি লক্ষ্য ৰাখি লোক অধিসূচনাৰ দ্বাৰা বিনিৰ্দিষ্ট কৰে। ২৪৩দ। (১) খণ্ড (২) ত উপবন্ধিত ব্যতিৰুেকে, কোনো পৌৰ সভাৰ সকলো আসন পৌৰ ক্ষেত্ৰৰ প্ৰাদেশিক নিৰ্বাচন সমষ্টিৰ পৰা প্ৰত্যক্ষ নিৰ্বাচনৰ দ্বাৰা বাছি লোৱা ব্যক্তি সকলৰ দ্বাৰা পূৰণ কৰা হব আৰু এই প্ৰয়োজনাৰ্থে, প্ৰত্যেক পৌৰ ক্ষেত্ৰ প্ৰাদেশিক নিৰ্বাচন সমষ্টি সমূহত বিভাজিত কৰা হব যি ৱাৰ্ড নামেৰে জ্ঞাত হব। (২) কোনো ৰাজ্যৰ বিধান মণ্ডলে, বিধিৰ দ্বাৰা, (ক) পৌৰ সভাত - (i) পৌৰ প্ৰশাসনৰ বিশেষ জ্ঞান থকা বা অভিজ্ঞতা থকা ব্যক্তি সকল; (i) কোনো পৌৰ ক্ষেত্ৰ সম্পূৰ্ণ ভাবে বা আংশিক ভাবে সমাবিষ্ট হৈ থকা নিৰ্বাচন সমষ্টিক প্ৰতিনিধিত্ব কৰা লোেক সভাৰ সদস্য বৰ্গ বা ৰাজ্যিক বিধান সভাৰ সদস্য বাৰ; (i) পৌৰ ক্ষেত্ৰৰ ভিতৰত নিৰ্বাচক হিচাবে পঞ্জীভুক্ত ৰাজ্য সভাৰ এনে সদস্য সকলক আৰু ৰাজ্যৰ বিধান পৰিযৰৰ এনে সদস্য সকল; (iv) অনুচ্ছেদ ২৪৩ ধৰ খণ্ড (৫)অধীনত গঠিত সমিতি সমূহৰ অধ্যক্ষ সকলৰ প্ৰতিনিধিত্বৰ বাবে উপবন্ধ কৰিব পাৰিব। পৰস্তু, দফা (i) ত নিৰ্দিষ্ট ব্যক্তি সকলৰ পৌৰ সভাৰ অধিবেশনত ভোট দিয়াৰ অধিকাৰ নাথাকিব; বাৰ্ড সমিতি সমূহ, ইত্যাদিৰ গঠন আৰু বিছনা। (খ) কোনো পৌৰ সভাৰ অধ্যক্ষ নিৰ্বাচন ৰীতিৰ উপৱন্ধ কৰিব পাৰিব। ২৪৩ধ। (১) তিনি লাখ বা অধিক জনসংখ্যা থকা কোনো পৌৰ সভাৰ প্ৰাদেশিক ক্ষেত্ৰৰ ভিতৰত এটা বা অধিক ৱাৰ্ড সমূহেৰে গঠিত ৱাৰ্ড সমিতি সমূহ গঠন কৰা হব। (২) ৰাজ্যৰ বিধান-মণ্ডলে, বিধিৰ দ্বাৰা, - (ক) ৱাৰ্ড সমিতিৰ বিৰচনা আৰু ইয়াৰ প্ৰাদেশিক ক্ষেত্ৰৰ সম্পৰ্কত; (খ) যি ৰীতিৰে ৱাৰ্ড সমিতিত আসন পূৰণ কৰা হব, সেই ৰীতিৰ সম্পৰ্কত উপবন্ধ কৰিব পাৰিব। (৩) ৱাৰ্ড সমিতিৰ প্ৰাদেশিক ক্ষেত্ৰৰ ভিতৰত কোনো ৱাৰ্ডৰ প্ৰতিনিধিত্ব কৰা কোনো পৌৰ সভাৰ সদস্য সেই সমিতিৰ সদস্য হব। (৪) যত কোনো ৱাৰ্ড সমিতি (ক) এটা ৱাৰ্ডেৰেগঠিত হয় সেই ক্ষেত্ৰত, পৌৰ সভাত সেই ৱাৰ্ডৰ প্ৰতিনিধিত্ব কৰা সদস্য; বা

(খ) দুই বা অধিক ৱাৰ্ডৰে গঠিত হয় সেই ক্ষেত্ৰত পৌৰসভাত এনে ৱাৰ্ড সমূহৰ প্ৰতিনিধিত্ব কৰা সদস্য সকলৰ মাজৰ পৰা এজন সদস্য যাক সেই ৱাৰ্ড সমিতিৰ সদস্য সকলৰ দ্বাৰা নিৰ্বাচিত কৰা হব, সেই সমিতিৰ অধ্যক্ষ হব। (৫) এই অনুচ্ছেদৰ কোনো কথাই কোনো ৰাজ্যৰ বিধান মণ্ডলক ৱাৰ্ড সমিতি সমূহৰ উপৰিও সমিতি সমূহ গঠন কৰাৰ বাবে কোনো উপবন্ধ কৰাৰ পৰা নিবাৰিত কৰা বুলি গণ্য কবা নহব।