পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰ সংবিধান ad

আসন সমূহৰ আৰক্ষণ। নৱম ক ভাগ-পৌৰসভা - অনুচ্ছেদ ২৪৩ন -২৪৩প ২৪৩ন। (১) প্ৰত্যেক পৌৰ সভাত অনুসূচিত জাতি সমূহ আৰু অনুসূচিত জনজাতি সমূহৰ বাবে আসন আৰক্ষিত থাকিব আৰু এনেদৰে আৰক্ষিত আসন সমূহৰ সংখ্যাৰ অনুপাত, সেই পৌৰ সভাত প্ৰত্যক্ষ নিৰ্বাচনৰ দ্বাৰা পূৰণ কৰিবলগীয়া আসন সমূহৰ মুঠ সংখ্যাৰ যথা সম্ভৱ একে হব যি সেই পৌৰ সভাৰ ক্ষেত্ৰত অনুসূচিত জাতি সমূহৰ বা সেই পৌৰ সভা ক্ষেত্ৰৰ অনুসূচিত জনজাতি সমূহৰ জনসংখ্যা অনুপাত সেই ক্ষেত্ৰৰ মুঠ জনসংখ্যাৰ সৈতে আছে আৰু এনে আসন কোনো পৌৰ সভাৰ ভিন ভিন নিৰ্বাচন সমষ্টি সমূহত বিৱৰ্তনৰ দ্বাৰা আৱণ্টিত কৰিব পাৰিব। (২) খণ্ড (১)ৰ অধীনত আৰক্ষিত আসন সমূহৰ মুঠ সংখ্যাৰ অন্ন এক-তৃতীয়াংশ আসন যথাস্থিতি অনুসূচিত জাতি সমূহ বা অনুসূচিত জনজাতি সমূহৰ নাৰীৰ বাবে আৰক্ষিত থাকিব। (৩) প্ৰত্যেক পৌৰ সভাত প্ৰত্যক্ষ নিৰ্বাচনৰ দ্বাৰা পূৰণ কৰিবলগীয়া আসন সমূহৰ মুঠ সংখ্যাৰ অনুন এক তৃতীয়াংশ আসন (অনুসূচিত জাতি সমূহ আৰু অনুসূচিত জনজাতি সমূহৰ নাৰী সকলৰ বাবে আসন সমূহৰ সংখ্যা অন্তভুক্তকৰি) নাৰী সকলৰ বাবে আৰক্ষিত থাকিব আৰু এনে আসন কোনো পৌৰ সভাৰ ভিন ভিন নিৰ্বাচন সমষ্টি সমূহত বিৱৰ্তনৰ দ্বাৰা আৱন্টিত কৰিব পাৰিব। (৪) পৌৰ সভাত অধ্যক্ষ সমূহৰ পদ, অনুসূচিত জাতি সমূহ, অনুসূচিত জনজাতি সমূহ আৰু নাৰী সকলৰ বাবে এনে ৰীতিৰে আৰক্ষিত থাকিব যাক ৰাজ্যৰ বিধান মণ্ডলে, বিধিৰ দ্বাৰা উপবন্ধিত কৰে। (৫) খণ্ড (১) আৰু খণ্ড (২)ৰ অধীনত আসন সমূহৰ আৰক্ষণ আৰু খণ্ড (৪) ৰ অধীনত অধ্যক্ষ পদ সমূহৰ আৰক্ষণ নাৰী সকলৰ বাবে আৰক্ষণৰ ব্যতিৰেকে) অনুচ্ছেদ ৩৩৪ ত বিনিৰ্দিষ্ট কালৰ সমাপ্তিত প্ৰভাৱীহৈ নাথাকিব। (৬) এই ভাগৰ কোনো কথাই কোনো ৰাজ্যৰ বিধান মণ্ডলক অনুন্নত শ্ৰেণীৰ নাগৰিক সকলৰ কোনো শ্ৰেণীৰ হকে কোনো পৌৰ সভাত আসন সমূহৰ বা পৌৰ সভা সমূহত অধ্যক্ষ সকলৰ পদৰ আৰক্ষণৰ বাবে কোনো উপবন্ধ কৰাৰ পৰা নিবাৰিত নকৰিব। ২৪৩প।(১) প্ৰত্যেক পৌৰ সভা যদিহে সেই সময়ত বলবৎ থকা কোনো বিধিৰ অধীনত পৌৰ সভা সমূহৰ মাদ প্ৰথমতেই বিঘটিত কৰি দিয়া নহয়, তেন্তে ইয়াৰ প্ৰথম অধিবেশনৰ বাবে নিয়ত তাৰিখৰ পৰা পাঁচ ইত্যাদি। বছৰ পৰ্য্যন্ত চলি থাকিব, কিন্তু ইয়াতকৈ অধিক নহয়? পৰন্তু কোনো পৌব সভ৷ বিঘটিত কৰাৰ পূৰ্বে ইয়াক শুনাৰ বাবে যুক্তি সঙ্গত সুযোগ দিয়া হব। (২) তৎসময় বলবৎ থকা কোনো বিধিৰ কোনো সংশোধনেবে কোনো স্তৰত এনে পৌৰ সভাৰ যি এনে সংশোধনৰ অব্যৱহিত পূৰ্বে কাৰ্য্য কৰি আছে, খণ্ড (১) ত বিনিৰ্দিষ্ট ইয়াৰ ম্যাদ সমাপ্ত নোহোৱা পৰ্য্যন্ত বিঘটিত নহব। (৩) কোনো পৌৰ সভা গঠন কৰাৰ বাবে নিৰ্বাচন, - (ক) খণ্ড (১) ত বিনিৰ্দিষ্ট ইয়াৰ মাদৰ সমাপ্তিৰ পূৰ্বে, (খ) ইয়াৰ বিঘটনৰ তাৰিখৰ পৰা ছয় মাহৰ কালাৱধিৰ সমাপ্তিৰ পূৰ্বে সম্পূৰ্ণ কৰা হব। পৰন্তু যত সেই অৱশিষ্ট কালাৱধি, যাৰ বাবে কোনো বিঘটিত পৌৰ সভা চলি থাকিলেহেতেন, ছয়মাহতকৈ কম হয় সেই ক্ষেত্ৰত এনে কালাবধিৰ বাবে সেই পৌৰ সভা গঠন কৰাৰ কাৰণে এই খণ্ডৰ অধীনত কোনো নিৰ্বাচন অনুষ্ঠিত কৰাৰ আৱশ্যক নহব। (৪) কোনো পৌৰ সভাৰ মাদৰ সমাপ্তিৰ পূৰ্বে সেই পৌৰ সভা বিঘটিত হোৱাৰ পিছত গঠিত কোনো পৌৰসভা, সেই কালাৱধিৰ কেৱল অৱশিষ্ট অংশৰ বাবে চলি থাকিব যাৰ বাবে বিঘটিত পৌৰসভা খণ্ড (১)ৰ অধীনত চলি থাকিলেহেতেন, যদিহেইয়াক এইদৰে বিঘটিত কৰানহ'লহেঁতেন। !