পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৯৭ ১[ নৱম ক ভাগ পৌৰ সভা ২৪৩ত। এই ভাগত, প্ৰসঙ্গত অন্যথা অপেক্ষিত নহলে,-- পৰিভাষা। (ক) “সমিতি” মানে অনুচ্ছেদ ২৪9ধ ৰ অধীনত গঠিত এখন সমিতি; (খ) “জি” মানে কোনো ৰাজ্যৰ এখন জিলা;

(গ) “মহানগৰ ক্ষেত্ৰ” মানে দুই লাখ বা তাৰ অধিক জনসংখ্যা থকা এনে,ক্ষেত্ৰ য'ত এখন বা অধিক জিলা সমাবিষ্ট হয় আৰু যি দুই বা অধিক পৌৰ সভা বা পঞ্চায়ত বা আন সংলগ্ন ক্ষেত্ৰ সমূহৰে গঠিত হয় আৰু যাক ৰাজ্যপালে এই ভাগৰ প্ৰয়োজনাৰ্থে লোক অধিসূচনাৰ দ্বাৰা মহানগৰ ক্ষেত্ৰ বুলি বিনিৰ্দিষ্ট কৰে; (ঘ) “পৌৰ ক্ষেত্ৰ” মানে ৰাজ্যপালৰ দ্বাৰা অধিসূচিত কোনো পৌৰ সভাৰ প্ৰাদেশিক (ঙ) “পৌৰ সভা” মানে আনুচ্ছেদ ২৪৩খৰ অধীনত গঠিত স্বায়ত্ত শাসনৰ কোনো সংস্থা, (চ) “পঞ্চায়ত” মানে ২৪৩ খৰ অধীনত গঠিত কোনো পঞ্চায়ত; (ছ) “জনসংখ্যা” মানে এনে অন্তিম পূৰ্বৱৰ্তী জনগণনাত অভিনিশ্চিত কৰা জনসংখ্যা যাৰ সুসঙ্গত সংখ্যা প্ৰকাশিত কৰা হৈছে। ২৪৩থ।(১) প্ৰত্যেক ৰাজ্যত, এই ভাগৰ উপবন্ধ সমূহ অনুসাৰে, - পৌৰ সভা সমূহৰ গঠন। (ক) কোনো সংক্ৰমণশীল ক্ষেত্ৰৰ বাবে, অৰ্থাৎ গ্ৰামীণ ক্ষেত্ৰৰ পৰা নগৰীয়া ক্ষেত্ৰলৈ সংক্ৰমণগত ক্ষেত্ৰৰ বাবে কোনো নগৰ পঞ্চায়ত (যি নামেৰেই জ্ঞাত হওক); / (খ) কোনো ক্ষুদ্ৰতৰ নগৰীয়া ক্ষেত্ৰৰ বাবে পৌৰ পৰিষদ; আৰু (গ) কোনো বৃহত্তৰ নগৰীয়া ক্ষেত্ৰৰ বাবে পৌৰ নিগম গঠন কৰা হব? পৰন্তু এই খণ্ডৰ অধীনত কোনো পৌৰ সভা এনে নগৰীয়া ক্ষেত্ৰ বা তাৰ কোনো ভাগত গঠন কৰিব পৰা নাযাব যিটো ৰাজ্যপালে, ক্ষেত্ৰটোৰ আয়তন আৰু সেই ক্ষেত্ৰত কোনো ঔদ্যোগিক সংস্থাপনৰ দ্বাৰা দিয়া বা দিয়াৰ বাবে প্ৰস্তাৱিত পৌৰ সেৱাসমূহ আৰু তেওঁ উপযুক্ত বুলি গণ্য কৰা তেনে আন কোনো বিষয়ৰ প্ৰতি লক্ষ্য ৰাখি, লোক অধিসূচনাৰ দ্বাৰা ঔদ্যোগিক নগৰ বুলি বিনিৰ্দিষ্ট কৰে। ১। সংবিধান (চতুঃ সপ্ততিতম সংশোধন) অধিনিয়ম, ১৯৯২ ৰ ধাৰা ২ ৰ দ্বাৰা নৱম ক | অন্তঃস্থাপিত (১-৬-৯৩ৰ পৰা প্ৰভাৱী হোৱাকৈ)।