পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

i ভাৰতৰ সংবিধান, বিধান মণ্ডলৰ বিৰতিৰ সময়ত অধ্যাদেশ প্ৰখ্যাপিত কৰিবলৈ প্ৰশাসক ক্ষমত। অষ্টম ভাগসংঘ ৰাজ্যক্ষেত্ৰ সমূহ-অনুচ্ছেদ ২৩৯ খ. [২৩৯ খ।(১) অনুচ্ছেদ ২৩৯ক ৰ খণ্ড (1) ত উল্লিখিত কোনো সংঘ ৰাজ্যক্ষেত্ৰৰ বিধান মণ্ডলৰ অধিবেশন চলি থকা সময় ব্যতিৰেকে, আন যিকোনো সময়ত যদি সেই সংঘ ৰাজ্যক্ষেত্ৰৰ প্ৰশাসক এইবুলি সন্তুষ্ট হয় যে, এনে পৰিস্থিতি হৈছে য'ত তেখেতৰ বাবে শীঘ্ৰে ব্যৱস্থা লোৱাটো আৱশ্যকীয় হৈ পৰিছে, তেতিয়া তেখেতে এনে অধ্যাদেশ প্ৰখ্যাপিত কৰিব পাৰে যি অধ্যাদেশ তেনে পৰিস্থিতিত তেখেতে অপেক্ষিত বোধ কবে? পৰস্তু, এই মৰ্মে ৰাষ্ট্ৰপতিৰ পৰা অনুদেশ প্ৰাপ্ত নোহোৱাকৈ প্ৰশাসকে এনে, কোনো অধ্যাদেশ প্ৰখ্যাপন নকৰিবঃ . অধিকন্তু, যেতিয়া উক্ত বিধান মণ্ডল বিঘটিত হয়, অথবা অনুচ্ছেদ ২৩৯ক ৰখণ্ড (১) ত উল্লিখিত এনে কোনো বিধিৰ অধীনত লোৱা কাৰ্য্য ব্যৱস্থাৰ ফলত উক্ত বিধান মণ্ডলৰকৃত্য নিলম্বিত থাকে, প্ৰশাসকে এনে বিঘটনৰ বা নিলম্বনৰ কালছোৱাত কোনো অধ্যাদেশ প্ৰখ্যাপননকৰিব। (২) ৰাষ্ট্ৰপতিৰ অনুদেশানুসাৰে এই অনুচ্ছেদৰ অধীনত প্ৰখ্যাপিত কোনো অধ্যাদেশ, অনুচ্ছেদ ২৩৯কৰ খণ্ড (১) ত উল্লিখিত এনে কোনো বিধিত সেই মৰ্মে অন্তৰ্বিষ্ট উপবন্ধ সমূহ অনুপালন পুৰ্বক সম্যক ৰূপে অধিনিয়মিত সংঘ ৰাজ্য ক্ষেত্ৰৰ বিধান মণ্ডলৰ অধিনিয়ম বুলি গণ্য কৰা হ'ব, কিন্তু এনে প্ৰত্যেক অধ্যাদেশ - (ক) সংঘ ৰাজ্যক্ষেত্ৰৰ বিধান মণ্ডলত দাখিল কৰিব লাগিব আৰু বিধান মণ্ডল পুনৰ সমবেত হোৱাৰ ছয় সপ্তাহৰ অন্তত অথবা যদি সেই কাল অন্ত হোৱাৰ পূৰ্বে বিধান মণ্ডলৰ দ্বাৰা সেই অধ্যাদেশ অননুমোদন কৰি কোনো সংকল্প পাৰিত কৰা হয় তেনেহ'লে তেনেসংকল্প পাৰিত হ'লেই, ইয়াৰ প্ৰবৰ্ত্তন নোহোৱা হ'ব; আৰু (খ) ৰাষ্ট্ৰপতিৰ পৰা সেই মৰ্মে অনুদেশ প্ৰাপ্ত হোৱাৰ পিছত প্ৰশাসকৰ দ্বাৰা প্ৰত্যাহূত হ'ব পাবে। ১।সংবিধান (সপ্তবিংশ সংশোধন) অধিনিয়ম, ১৯৭১ৰধাৰা ৩ দ্বাৰা অন্তঃস্থাপিত(৩০-১২- ৭১) তাংৰ পৰা)।