পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰ সংবিধান ৮৫। অষ্টম ভাগ-সংঘ ৰাজ্যক্ষেত্ৰ সমূহ -অনুচ্ছেদ ২৩৯ কক -২৩৯কখ (৪) উপৰাজ্যপালক, যি পৰ্য্যন্ত তেওঁ কোনো বিধিৰ দ্বাৰা বা অধীনত তেওঁৰ স্ববিবেচনানু সাৰে কাৰ্য্য কৰিবলৈ অপেক্ষিত হয় তাৰ ব্যতিৰেকে যি বিষয়ৰ সম্বন্ধ বিধান সভাৰ বিধি প্ৰণয়ন কৰিবলৈ ক্ষমতা থাকে, সেই বিষয় সম্পৰ্কত তেওঁৰ কৃত্যসমূহৰ প্ৰয়োগত সহায় কৰিবলৈ আৰু পৰামৰ্শ দিবলৈ শীৰ্যত মুখ্যমন্ত্ৰীৰে সৈতে, বিধান সভাৰ সদস্যসকলৰ মুঠ সংখ্যাৰ অনধিক দহ শতাংশ, সদস্যৰে গঠিত এখন মন্ত্ৰী পবিষদ থাকিব ও পৰন্তু, কোনো বিষয়ত উপৰাজ্যপাল আৰু তেওঁৰ মন্ত্ৰীসকলৰ মাজত মতভেদৰ ক্ষেত্ৰত, উপৰাজ্যপালে ইয়াক বিনিশ্চয়ৰ কাৰণে ৰাষ্ট্ৰপতিলৈ নিৰ্দেশিত কৰিব আৰু ৰাষ্ট্ৰপতিৰ দ্বাৰা তাৰ ওপৰত দিয়া বিনিশ্চয় অনুসৰি কাৰ্য্য কৰিব আৰু এনে বিনিশ্চয় লম্বিত থকাৰ কোনো ক্ষেত্ৰত যত বিষয়টো, তেওঁৰ অভিমত অনুযায়ী এনে জৰুৰী যে অশু কাৰ্যব্যৱস্থা লোৱাটো তেওঁৰ বাবে আৱশ্যকীয়, তেনে কাৰ্যব্যৱস্থা লবলৈ বা বিষয়টোত তেওঁ আৱশ্যকীয় বুলি গণ্য কৰা তেনে নিৰ্দেশ দিবলৈ উপৰাজ্যপাল ক্ষমতাযুক্ত হ'ব। (৫) মুখ্যমন্ত্ৰী ৰাষ্ট্ৰপতিৰ দ্বাৰা নিযুক্ত হ'ব আৰু আন মন্ত্ৰীবৰ্গ মুখ্যমন্ত্ৰীৰ পৰামৰ্শক্ৰমে ৰাষ্ট্ৰপতি দ্বাৰা নিযুক্তি হ'ব আৰু মন্ত্ৰীবৰ্গই বাষ্ট্ৰপতিৰ প্ৰসাদ পৰ্যন্ত পদ ধাবণ কবিব। (৬) মন্ত্ৰী পৰিষদ বিধান সভাৰ প্ৰতি সামূহিকভাৱে দায়বদ্ধ হ'ব। :: [ (৭) (ক)] সংসদে, বিধিব দাবা পূৰ্ববৰ্তী খণ্ড সমূহত অন্তৰ্বিষ্ট উপবন্ধ সমূহ কাৰ্য্যকৰী কৰিবলৈ বা অনুপূৰণ কৰিবলৈ আৰু ইয়াৰ আনুষঙ্গিক বা পাৰিণামিক সকলো বিষয়ৰ বাবে উপবন্ধ কৰিব পাবে। ২[(খ) ] অনুচ্ছেদ ৩৬৮ৰ উদ্দেশ্য বাবে উপখণ্ড (ক)ত নিৰ্দেশিত কৰা হোৱা এনে যিকোনো বিধি এই সংবিধানৰ কোনো সংশোধন বুলি গণ্য কৰা নহ’ব তৎসত্ত্বেও যে ইয়াত কোনো উপবন্ধ অন্তৰ্বি আছে যি এই সংবিধান সংশোধন কৰিছে বা সংশোধন কৰাৰ প্ৰভাৱ আছে। ] (৮) অনুচ্ছেদ ২৩৯খৰ উপবন্ধ সমূহ, যিমানদূৰ সম্ভৱ ৰাষ্ট্ৰীয় ৰাজধানী ৰাজ্যক্ষেত্ৰ, উপৰাজ্যপাল। আৰু বিধানসভাৰ সম্বন্ধত প্ৰয়োগ হ’ব যিদৰে সেইবোৰ পণ্ডিচেৰীৰ সংঘ ৰাজ্যক্ষেত্ৰ, ইয়াৰ প্ৰশাসক আৰু বিধান সভাব সম্বন্ধত যথাক্ৰমে প্ৰয়োগ হয়; আৰু সেই অনুচ্ছেদত “অনুচ্ছেদ ২৩৯কৰ খণ্ড (১)”ৰ প্ৰতি কৰা কোনো নিৰ্দেশক, ক্ষেত্ৰবিশেযে, এই অনুচ্ছেদ বা অনুচ্ছেদ ২৩৯কখৰ প্ৰতি নিৰ্দেশ বুলি গণ্য কৰা হ'ব। ] [ ২৩৯ কখ} উপৰাজ্যপালৰ পৰা কোনো প্ৰতিবেদন প্ৰাপ্তিত বা অন্যথা যদি ৰাষ্ট্ৰপতি সন্তুষ্ট সাংবিধানিক যন্ত্ৰ হয় - বিফল হোৱাৰ ক্ষেত্ৰত উপবন্ধ। (ক) যে এনে এক পৰিস্থিতিৰ উদ্ভৱ হৈছে য'ত ৰাষ্ট্ৰীয় ৰাজধানী ৰাজ্যক্ষেত্ৰৰ প্ৰশাসন অনুচ্ছেদ ২৩৯ কক বা সেই অনুচ্ছেদ অনুসৰণত প্ৰণীত কোনো বিধিৰ উপবন্ধসমূহ অনুসৰি চলাব নোৱাৰি; (খ) যে ৰাষ্ট্ৰীয় ৰাজধানী ৰাজ্যক্ষেত্ৰৰ সমুচিত প্ৰশাসনৰ বাবে এনেকৰাতো আৱশ্যক বা সমীচীন, ৰাষ্ট্ৰপতিয়ে আদেশৰ দ্বাৰা অনুচ্ছেদ ২৩৯ককৰ যিকোনো উপবন্ধ বা সেই অনুচ্ছেদ অনুসৰণত প্ৰণীত কোনো বিধিৰ সকলো বা যি কোনো উপবন্ধৰ প্ৰবৰ্ত্তন, এনে সময়ৰ বাবে আৰু এনে বিধিত বিনিৰ্দিষ্ট কৰা এনে চৰ্তাৱলী সাপেক্ষে স্থগিত ৰাখিব পাৰে আৰু এনে আনুষঙ্গিক আৰু পাৰিণামিক ব্যৱস্থা কৰিব পাৰে যি, অনুচ্ছেদ ২৩৯ আৰু অনুচ্ছেদ ২৩৯ ককৰ উপবন্ধসমূহ অনুসৰি ৰাষ্ট্ৰীয় ৰাজধানী ৰাজ্যক্ষেত্ৰখন প্ৰশাসন কৰাৰ বাবে আৱশ্যক আৰু সমীচীন বুলি তেওঁৰ প্ৰতীয়মান হয়।] ১। সংবিধান (সপ্ততিতম সংশোধন) অধিনিয়ম, ১৯৯২ৰ ধাৰা ৩ (i)ৰ দ্বাৰা প্ৰতিষ্ঠাপিত। ২। সংবিধান (সপ্ততিতম সংশোধন) অধিনিয়ম, ১৯৯২ৰ ধাৰা ৩ (ii)ৰ দ্বাৰা অন্তঃস্থাপিত। ৩। সংবিধান (ঊন সপ্ততিতম সংশোধন) অধিনিয়ম, ১৯৯১ ৰধাৰা ২ৰ দ্বাৰা (১-২-৯২ ৰ পৰা প্ৰভাৱী হোৱাকৈ) অন্তঃস্থাপিত। [১]