[১১৩]
স্বীকাৰ্য্য। কিন্তু ইয়াকো আমি পাহৰিব নালাগে যে এনে শিক্ষাত শিক্ষিত লোক আজি কালিৰ জীৱনৰ সকলো কৰ্মৰ বাবে উপযুক্ত হৈ নুঠে। ইঞ্জিনিয়াৰিং শিক্ষাৰ বা ডাক্তৰী শিক্ষাৰ আমাৰ আৱশ্যক আছে। সেইবুলি আজি গাৱেঁ গাৱেঁ বা মৌজাই মৌজাই ইঞ্জিনিয়াৰিং স্কুল বা ডাক্তৰী শিক্ষাৰ কলেজ পাতিব নোখোজো আৰু তেনেকৈ পতাৰো আৱশ্যক নাই। টোল শিক্ষাৰ কথাও সেই ৰকম। টোল শিক্ষা লাগে; কিন্তু অকল টোল শিক্ষাই নালাগে; বা এই শিক্ষা অনাৱশ্যক ৰূপে বৃদ্ধিও হব নালাগে।
কিন্তু সম্প্ৰতি চৰকাৰে টোল শিক্ষাৰ কাৰণে যি খৰছ কৰে তাতকৈ অন্ততঃ পাঁচগুণমান বেচি খৰছ কৰা উচিত। অধ্যাপক সকলৰ দৰমহা অনেকৰ নাই; যাৰ আছে তাৰো অত্যন্তঃ কম; আন দেশৰ সংস্কৃতৰ কেন্দ্ৰবিলাকলৈ গৈ উচ্চ শিক্ষাৰ কাৰণে কোনো বৃত্তিৰ ব্যৱস্থা নাই; টোলঘৰ আদি কৰিবলৈ কোনো প্ৰকাৰ সহায় পাব নোৱাৰি; পুথি-পত্ৰ আদি প্ৰায় টোলতে নাই। এইবিলাক দিহা কৰিবৰ কাৰণে বছৰি অন্তঃত এক লাখমান টকাৰ আৱশ্যক। চৰকাৰে সম্প্ৰতি অসম সংস্কৃত বোৰ্ডক কুৰি হাজাৰত কৰিও কম টকাহে দিয়ে।
আৰু এটা কথা আছে— সংস্কৃত বিষয়ক গৱেষণা। কামৰূপ
প্ৰাচীন দেশ আৰু অন্ততঃ দুই হাজাৰ বছৰৰ পৰাই এই
দেশত সংস্কৃত চৰ্চা চলিছে। কামৰূপৰ বিদ্যাৰতাৰ প্ৰমাণ
প্ৰাচীন গ্ৰন্থাদিত পোৱা যায়। ইয়াত ৰচিত আৰু প্ৰকাশিত
ভাষণ—৮