[১১২]
আৰু এটা কথা মই লক্ষ কৰিছো। বোধকৰো আগেয়ে অকল ব্যাকৰণ বা ভাগৱত পঢ়ি পুৰণি পণ্ডিতসকলে আন আন শাস্ত্ৰৰো যিমান গভীৰজ্ঞান আৰ্জিছিল আজি কালিৰ উপাধিৰ পাঠ্য পঢ়ি তিমান জ্ঞান পোৱা নাযায়। সংস্কৃত শিক্ষা ইয়াত কৰি গভীৰ হলে ভাল। কোনো পুথি পঢ়াত টীকা টিপুনি সহ আতিগুৰি লগাই পঢ়া ৰীতি প্ৰৱৰ্ত্তন হব লাগে। সেয়ে হব লাগিলে উপযুক্ত অধ্যাপকেহে বিশেষ বিশেষ শাস্ত্ৰৰ অধ্যাপনা হাতত লোৱা উচিত।
ইয়াতে মই সংস্কৃতানুৰাগীসকলক এটা কথা সোৱঁৰাই দিব খোজো। টোল শিক্ষাৰ আৱশ্যকতা আছে আৰু তাৰপৰা সমাজত এক শ্ৰেণীৰ বিশিষ্ট শিক্ষিত লোক আমি পাইছো— যিবিলাকে প্ৰাচীন ভাৰতীয় আদৰ্শ তথা হিন্দু-ধৰ্মৰ আচাৰ অনুষ্ঠানবিলাক সজীৱিত কৰি ৰাখিছে। এই কথা সকলোৱে স্বীকাৰ কৰিব। কিন্তু সেইবুলি এই শিক্ষাৰ ৰীতি দেশত অতি বহল ভাৱে প্ৰচলিত হওঁক এনে কথা মই কব নোখোজো। বৰ্ত্তমান আমাৰ যিমানখিনি টোল আছে তাত কৰি টোলৰ সংখ্যা বঢ়া উচিত যদিও, গাৱেঁ গাৱেঁ টোল স্থাপিত হক, বা প্ৰাইমাৰী আৰু মজলীয়া স্কুলৰ পৰিবৰ্ত্তে আমি টোল পাতোহঁক, এনে কল্পনা আমাৰ দেশৰ শিক্ষাৰ উন্নতিৰ পক্ষে উচিত নহব। টোল শিক্ষা এটা বিশিষ্ট প্ৰণালীৰ শিক্ষা। ইয়াত খৰচ নাই; অথচ ইয়াৰ পৰা যথেষ্ট সুশিক্ষা পোৱা যাব পাৰে। ইত্যাদি বিলাক