পৃষ্ঠা:ভাষণ.djvu/১২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[১১৪]

গ্ৰন্থাদি কেনেকৈ লোপ পালে এইবিলাক আলোচনা যোগ্য বিষয়। সংস্কৃত সঞ্জীৱনী সভাই প্ৰায় আঢ়ৈশমান এনেকুৱা পুথিৰ এখন descriptive catalouge প্ৰস্তুত কৰিছে। এনেকুৱা আৰু বহুতো পুথি আমাৰ দেশত থকা সম্ভৱ। তাৰ উপৰি আমাৰ দেশৰ প্ৰখ্যাত পণ্ডিত সকলৰ জীৱনি সংগ্ৰহো এটা কাম। এইবিলাক কাৰ্য্য সংস্কৃতানুৰাগী লোক আৰু ছাত্ৰসকলে হাতত ললে দেশৰ কাম কৰা হব, বিদ্যা চৰ্চাও হব, আৰু দেশৰ গৌৰৱ সমৃদ্ধিও বৃদ্ধি হব।

 

——× ——

 

সংস্কৃত ছাত্ৰ সন্মিলনত দিয়া ভাষণ।

৫।১১।৩৭