পৃষ্ঠা:ভাষণ.djvu/১১৭

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

[১১১]

Camping ৰ পৰা স্বাস্থ্য, আত্মাৱলম্বন আদি যিবিলাক গুণ শিক্ষা হয়, সেই বিলাক গুণ শিক্ষা হৈছিল। আজি কালি ভৰিৰ ওপৰত ঠিয় দিয়াৰ (Self Supporting Education) এটা ঘোষা উঠিছে। এনেকুৱা শিক্ষাৰ কাৰণে এই ৰীতি কিছু সহায়কৰ হৈছিল। চৈত ফুৰাৰ পাছত টোলৰ প্ৰীতি ভোজ আৰু অধ্যাপক-সেৱা এটা সৌষ্ঠবপূৰ্ণ বিতোপন অনুষ্ঠান আছিল। এই অনুষ্ঠান এতিয়াও সম্পূৰ্ণ উঠি যোৱা নাই বোধকৰোঁ। ইয়াৰ পূৰ্ণজীৱিত কৰা কৰ্ত্তব্য আৰু তাক অনুকৰণ কৰা স্কুলবিলাকৰ পক্ষেও উপকাৰী হব।

 আন এটা কথা আছিল সংস্কৃতত কথা কোৱা অভ্যাস। এই অভ্যাস হৈছিল, বিয়া সভা আদিত সংস্কৃত “দিয়া”ৰ পৰা। এই অভ্যাস এতিয়া গুচিল। বিয়াত সংস্কৃত “দিয়া” এটা ভাল ৰীতি আছিল। তাৰপৰা সাধাৰণৰ মাজত শিক্ষাৰ আদৰ বাঢ়িছিল। এনে কি ভাল মানুহৰ ঘৰৰ বুদ্ধিমান চাকৰ-বাকৰে আৰু ধুলীয়া-খুলীয়াৰ ভাৱৰীয়া বিলাকে সংস্কৃত শ্লোক মুখস্থ কৰি সংস্কৃত দি দৰ্শকৰ আনন্দ বঢ়াইছিল। আজিকালি দুই এজন পণ্ডিতেহে সৰল সংস্কৃতত বক্তৃতা কৰিব পাৰে। এই বিলাক ৰীতিৰ পুনঃ প্ৰৱৰ্ত্তন হোৱা ভাল। ইয়াৰ পৰা বিদ্যা টোলঘৰত আৰু অধ্যাপক আৰু ছাত্ৰৰ পুথিৰ ভিতৰত আৱদ্ধ নাথাকি জনসমাজত প্ৰচাৰ হৈ পৰিছিল।