পৃষ্ঠা:ভাষণ.djvu/১১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[১১০]

 সংস্কৃত শিক্ষাৰ ছাত্ৰ আৰু অধ্যাপক সকলক মই এটি অনুৰোধ জনাওঁ। আগেয়ে টোলৰ শিক্ষাৰ কিছুমান ভাল ৰীতি আজি কালি এৰা পৰিছে। এই কথা উচিত হোৱা নাই। টোল শিক্ষাৰ ৰীতি বহুদিনীয়া; গতিকে বহুত অভিজ্ঞতাৰ ওপৰত প্ৰতিষ্ঠিত। ইয়াৰ যিবিলাক গুণকাৰী ৰীতি তাক হঠাৎ এৰি পেলোৱা বেয়া। পুৰণি ৰীতি এটা ওজা ছাত্ৰৰ। এই ৰীতিৰ পৰাই বিন এ্যাণ্ড ল্যাঙ্কাচাৰে ইংলণ্ডত Pupil Teachers System (ছাত্ৰ-শিক্ষকৰ ব্যৱস্থা) প্ৰৱৰ্ত্তন কৰি ইংলণ্ডত প্ৰাথমিক শিক্ষা বিস্তাৰত বহুত সহায় কৰিছিল। টোল বিলাকে এই ৰীতি প্ৰায় এৰিলে। উপাধি পৰীক্ষাৰ পাঠ্য দুই বছৰত শেষ কৰিব লাগে। গতিকে আনক পঢ়াৰ সময় নাই। ইও এই ৰীতি এৰা পৰাৰ এটা কাৰণ।

 আগেয়ে “চৈত” ফুৰা এটা নিয়ম আছিল। বছেৰেকৰ পাঠ্যৰ শেষত চ’ত মাহৰ এটা সপ্তাহ ছাত্ৰ বিলাকে চাৰিও ফালে ঘুৰি ঘুৰি টোলৰ কাৰণে অৰ্থ সংগ্ৰহ কৰিছিল। আজি কালি এই ৰীতি কিমান পৰিমাণে আছে নাজানোঁ। কিন্তু মোৰ হলে “চৈত” ফুৰা ছাত্ৰ এতিয়া চকুত পৰা নাই। ইয়াৰ পৰা যে অকল টোললৈ দুটা টকা আনিছিল এনে নহয়, ছাত্ৰবিলাকে নিজৰ দেশৰ সকলো ফালে ফুৰাৰ সুযোগ হৈছিল, সাধাৰণ মানুহৰ মাজত বিদ্যাশিক্ষাৰ কথা প্ৰছাৰ কৰা হৈছিল, আৰু আজি কালি বিশেষকৈ পশ্চিম দেশত Hiking আৰু