সমললৈ যাওক

পৃষ্ঠা:ভাগ্য পৰীক্ষা.pdf/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অ. ৫— দৃ. ১
৭৩
ভাগ্যপৰীক্ষা
মাণি— বাৰু, আমি এতিয়া খাম কি?
পানী—

কিয়? ডাইল ৰুটি মাখন সৰ
পোলাও কালিয়া ছানাৰ বৰ;
কোমল পাঠা তেলাল "খাছি”
ভাল ভাল বস্তু বাছি বাছি।

মাণি— আৰু পিঠা-গুড়ি পাচি পাচি।
পানী— পিঠা-গুড়ি কেলৈ খাব লাগিছে? পিঠা-গুড়ি একো ভাল বস্তু নহয়; দুখীয়া মানুহেহে খায়।
মাণি— তেনেহ'লো নো আমি কি জলপান খাম?
পানী—

গৰম হালোৱা পায়স পুৰি
খুঁৰিৰ লাড়, বুৰি বুৰি।

মাণি-— মোৰ হ’লে দেও, দুটা কথাত বৰ আহুকাল হৈছে আৰু।
পানী— কি কি দুটা?
মাণি— এটা, দায় এই ভাল কাপোৰবোৰ পিন্ধি থকা। এইবোৰ পিন্ধিবলৈ ল'বৰ পৰা, য’তে ত’তে বহিবও নোৱাৰোঁ, আগৰ দৰে যেই সেই বনখনতো পোনেই ধৰিব নোৱাৰোঁ; ক'ৰবাত কেনেবাকৈ কাপোৰ ফাটিব, কাপোৰত কিবা চেকা লাগিব, এই ভয়টোৱেই মনৰপৰা নুগুচা হ’ল। গাটোত মুঠেই সদায় কিবা বান্ধ এটা যেন লাগি থাকে। আৰু ইটো এই নতুন ঘৰটোত থকাটো। মই এই ইটাৰ দুই মহলীয়া ঘৰটো ভাল পোৱা নাই। গোটেইখন চাৰিওফালে বহল, মুকলি মুকলি, কেনেবা কেনেবা পাওঁ। লোকৰ ঘৰত আলহী থকা যেন লাগিছে। মোক আগৰ দৰে, ভগা বেৰ ভগা চাল থকা, সৰুকৈ খেৰৰ ঘৰ অকণমান সজাই দিয়াঁ দেও হে।