পৃষ্ঠা:ভাগ্য পৰীক্ষা.pdf/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

48 ভাগ্যপৰীক্ষা পানী—এই দুটা নো কি কথা! পোনতে অসহজ দেখি দিনদিয়েক অলপ বেয়া লাগিব পাৰে; পাচিত সহজ হলেই ভাল লাগিব। মাণি—অ’ জেতুকী-বাপেক, মোক ভাল ভাৰ গহনা এসোপা কৰাই নিদিল? পানী—কেলৈ, তোমাৰ নো কি হন। নাইকীয়া হৈছে? সকলো গহনা পূৰাকৈ কৰাই দিছো নহয়। মাণি—-নহয় হেঁ, মোক আৰু লাগে, সৰহকৈ লাগে। পানী-সৰহকৈ লৈ নো কি কৰিব? গাত ধৰে মানেহে পিন্ধিবা। মাণি—নহয়, মই নিপিন্ধে। হে; পেষাত সুমাই খ’ম; মাজে মাজে উলিয়াই উলিয়াই লিৰিকি বিদাৰি চাই থাকিম; মনটো ভাল লাগি যাব। পানী-বাৰু তাকে কৰিবলৈকে যদি লাগে, কি মন যায় ক’ব। কৰাই দিম। (বগাই প্ৰবেশ বগাইদেউতা, বাহিৰত কোনোবা ভাল মানুহ দুজন আহিছে। পানী--কোন অহিছে চিনি নেপালি নে? বগাই-এৰা মই আগেয়ে দেখা নাই। কোনো বা বোলে সদাগৰ; আপোনাৰে সৈতে হেনো চিনাকি। পানী-বাৰু যা; ভালকৈ বহিবলৈ দেগৈ; মই গৈছে। (বগাইৰ প্ৰস্থান) মণি—কি জানি সেই তেওঁলোক দুগৰাকীয়েই আহিছে? পানী-তেওঁলোকেই হ’ব পায়। হয় যদি তালেই হ’ল; মই বিচাৰি হে ফুৰিছিলোঁ। (দুইৰো প্ৰস্থান)