সমললৈ যাওক

পৃষ্ঠা:ভাগ্য পৰীক্ষা.pdf/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৪
ভাগ্যপৰীক্ষা
পানী— এই দুটা নো কি কথা! পোনতে অসহজ দেখি দিনদিয়েক অলপ বেয়া লাগিব পাৰে; পাচত সহজ হ'লেই ভাল লাগিব।
মাণি— অ’ জেতুকী-বাপেক, মোক ভাল ভাল গহনা এসোপা কৰাই নিদিলাঁ?
পানী— কেলৈ, তোমাৰ নো কি গহনা নাইকীয়া হৈছে? সকলো গহনা পূৰাকৈ কৰাই দিছোঁ নহয়।
মাণি—— নহয় হেঁ, মোক আৰু লাগে, সৰহকৈ লাগে।
পানী— সৰহকৈ লৈ নো কি কৰিবাঁ? গাত ধৰে মানেহে পিন্ধিবা।
মাণি— নহয়, মই নিপিন্ধো হেঁ; পেৰাত সুমাই থ’ম; মাজে মাজে উলিয়াই উলিয়াই লিৰিকি বিদাৰি চাই থাকিম; মনটো ভাল লাগি যাব।
পানী— বাৰু তাকে কৰিবলৈকে যদি লাগে, কি মন যায় ক’বাঁ কৰাই দিম।

(বগাইৰ প্ৰবেশ)

বগাই— দেউতা, বাহিৰত কোনোবা ভাল মানুহ দুজন আহিছে।
পানী— কোন অহিছে চিনি নেপালি নে?
বগাই— এৰা মই আগেয়ে দেখা নাই। কোনোবা বোলে সদাগৰ; আপোনাৰে সৈতে হেনো চিনাকি।
পানী— বাৰু যা; ভালকৈ বহিবলৈ দেগৈ; মই গৈছোঁ।

(বগাইৰ প্ৰস্থান)

মণি— কি জানি সেই তেওঁলোক দুগৰাকীয়েই আহিছে?
পানী— তেওঁলোকেই হ’ব পায়। হয় যদি ভালেই হ’ল; মই বিচাৰি হে ফুৰিছিলোঁ।

(দুইৰো প্ৰস্থান)