পৃষ্ঠা:ভাগ্য পৰীক্ষা.pdf/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পঞ্চম অক। ১ম দৃশ্য—পানীৰামৰ নতুন ঘৰৰ অন্তঃপুৰ। ( পানীৰাম আৰু মাণিকী। মাণি-শুনিই। নে জেতুকী বাপেক? পানী—ক কৈ মোৰ জেতুকী-মাক? মাণি—মোৰ মনটো বৰ উগুথুগু লাগিছে হেঁ। পানী—কিয়? মাণি—এৰা আমাৰ বহুত ধন হ’ল দেও; অতবোৰ ধন আমি কি কৰিম? পানী—কেলৈ? আমি সুখেৰে খাম ব’ম; আৰু তাৰ পাচত যি থাকে, ভাল কামত খৰচ কৰিম। মাণি-নহয়, আগেয়ে দুৰীয়াক দিম; তাৰ পাচত বি থাকে আমি ভাঙি খাম। আমি যেতিয়া দুখীয়া আছিলো, তেতিয়া কিমান কষ্ট পাইছিলো! দুখীয়া মানুহ এটাইবোৰ তেও সেয়েহে গতি। সেই দেখি, দুখীয়। মনুহক পাবে। মানে দিব লাগে। পানী-বাৰু তাকে কবি॥ তেতিয়া হলেও, আমি ভাঙি খাবলৈ যিখিনি থাকি, তাকে আমি খাই ঢুকাব নোৱৰে। মাণি–তেনে হ'লে, জেতুকী-ব'পেক, আমি এতিয়া কি পিন্ধিম? পানী—পাট মেজাঙ্কৰি গাজ বালিচৰী যিহকে মন যায়, তাকে পন্ধিব।