১ম দৃশ্য—পানীৰামৰ নতুন ঘৰৰ অন্তঃপুৰ।
| মাণি—
|
শুনিছাঁ নে জেতুকী বাপেক?
|
| পানী—
|
কি কৈছাঁ মোৰ জেতুকী-মাক?
|
| মাণি—
|
মোৰ মনটো বৰ উগুল্-থুগুল্ লাগিছে হেঁ।
|
| মাণি—
|
এৰা আমাৰ বহুত ধন হ’ল দেও; অতবোৰ ধন আমি কি কৰিম?
|
| পানী—
|
কেলৈ? আমি সুখেৰে খাম ব’ম; আৰু তাৰ পাচত যি থাকে, ভাল কামত খৰচ কৰিম।
|
| মাণি—
|
নহয়, আগেয়ে দুখীয়াক দিম; তাৰ পাচত যি থাকে আমি ভাঙি খাম। আমি যেতিয়া দুখীয়া আছিলো, তেতিয়া কিমান কষ্ট পাইছিলোঁ! দুখীয়া মানুহ এটাইবোৰ তেও সেয়েহে গতি। সেই দেখি, দুখীয়া মানুহক পাৰোঁ মানে দিব লাগে।
|
| পানী—
|
বাৰু তাকে কৰিবাঁ। তেতিয়া হলেও, আমি ভাঙি খাবলৈ যিখিনি থাকিব, তাকে আমি খাই ঢুকাব নোৱৰোঁ
|
| মাণি—
|
তেনে হ'লে, জেতুকী-বাপেক, আমি এতিয়া কি পিন্ধিম?
|
| পানী—
|
পাট মেজাঙ্কৰি
গাজ বালিচৰী
যিহকে মন যায়, তাকে পিন্ধিবাঁ।
|