সমললৈ যাওক

পৃষ্ঠা:ভাগ্য পৰীক্ষা.pdf/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অ. ৪— দৃ. ৪
৭১
ভাগ্যপৰীক্ষা
পানী— নহয় মহাৰাজ, তেওঁহে পাব লাগে। তেও ক’লতহে এই এইখন হীৰা বুলিয়েই জানিছোঁ।
ৰজা— হীৰা বেচোঁতা আৰু কিনোতা দুইৰো একে ম'ত হ’ল যেতিয়া, ইয়াত আৰু তোমাৰ একো মাত নাই। তুমি এই হীৰাখন লৈ যোৱা। (হীৰা দি) ইয়াক ভালকৈ অঁতাই-পিতাই ধুন লগাই কাটি কুটি, মোৰ পাগুৰিত লগাব পৰাকৈ, যিমান পাৰাঁ সোনকালে লৈ আহিবাঁ। তাৰ বেচৰ বাবে দুশ টকা পাবাঁ।
মাণিক— মহাৰাজৰ আদেশ শিৰোধাৰ্য কৰি ললোঁ

(মাণিকলাল, পানীৰাম আৰু দুৱৰীৰ প্ৰস্থান)

ৰাণী— নৰ্ত্তকীসকল আৰু এটি প্ৰেম-সঙ্গীত শুনোৱাঁহক।

(নৃত্য-গীত)

নৰ্ত্তকীসকল— প্ৰেমিক এই জগতখনেই তেনেই প্ৰেমময়।

প্ৰেমৰ চিনেই ওলায় মুঠেই চায় যেনিয়েই।
 নৈ কুল কুলু কৈ
 প্ৰেমৰ গুণেই যায় কৈ
প্ৰেমৰ গুণেই গছত মেৰাই লতাই বগাই যায়।
 জোনাই বেলি প্ৰেমত ওলায়
 প্ৰেমেই গছৰ ফুল ফুলায়
মধুৰ মলয় প্ৰেমৰ বাবেই ফুলক কপাই যায়।