সমললৈ যাওক

পৃষ্ঠা:ভাগ্য পৰীক্ষা.pdf/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭০
ভাগ্যপৰীক্ষা
ৰজা— পাচে, তোমাৰ মনেৰে ইয়াৰ দাম কিমান হ’ব?
মাণিক— মহাৰাজ, ইয়াৰ দাম কোনো মতেই তিনি লাখ টকাৰ কম হ’ব নোৱাৰে। কিন্তু তিনি লাখ টকা দিলেও, আজিকালি এনে হীৰা বিচাৰি পাবলৈ নাই। তাকে চাই, মহাৰাজে হীৰাৰ গৰাকীক যেন অলপ মৰম কৰে, এয়ে প্ৰাৰ্থনা।
ৰজা— (পানীৰামক ) তুমি কি কোৱাঁ?
পানী— মহাৰাজ, মই দুখীয়া মানুহ। এইখন যে হীৰা, মই তাকে অত দিনে নেজানিছিলো। ইয়াৰ নো কিমান দাম মই তাৰ একো ভু নেপাওঁ। এতেকে মোক সোধা মিছা। মহাৰাজে আৰু এখেতে যিহকে উচিত দাম বোলে, মই তাতে মান্তি হ'ম।
ৰজা— জহৰী, তুমি কোৱাতকৈ ইয়াৰ দাম আৰু কিছু সৰহহে হ'ব। আৰু তুমি যে এই হীৰাখন মোক বিচাৰি আনি দিলাঁ, সেই বাবে তুমিও অলপ পুৰস্কাৰ পাব লাগে।
মাণিক— মহাৰাজৰ পৰা মই অনেক অনুগ্ৰহ পাইছোঁ; মই এনেয়ে বিচাৰি দিব লাগে
ৰজা— মই সন্তোষেৰে দিয়া পুৰস্কাৰ তুমি কিয় ন’লবাঁ? দুৱৰী, এওঁলোক দুইকো বৰ ভৰালীৰ ওচৰলৈ লৈ যা। এই হীৰাৰ গৰাকীক তিনি লাখ পাঁচ হাজাৰ আৰু এই জহৰীক এহেজাব টকা দিবলৈ ক'গৈ।
দুৱৰী— মহাৰাজৰ যি অজ্ঞা।
মাণিক— মহাৰাজ, মই একো পাব নেলাগে। এই হীৰা মই ক'তো বিচাৰি ফুৰাগৈ নাই। এতেকে মোক দিবলৈ কোৱা টকাও হীৰাৰ গৰাকীকে দিবলৈহে আদেশ হ’ব লাগে।