পৃষ্ঠা:ভাগ্য পৰীক্ষা.pdf/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭০ ভাগ্যপৰীক্ষা ৰঙা-পাচে, তোমাৰ মনেৰে ইয়াৰ দাম কিমান হ’ব? মাণিক--মহাৰাজ, ইয়াৰ দাম কোনো মতেই তিনি লাখ টকা কম হ’ব নোৱাৰে। কিন্তু তিনি লাখ টকা দিলেও, আজিকালি এনে হীৰা বিচাৰি পাবলৈ নাই। তাকে চাই, মহাৰাজে হীৰাৰ গৰাকীক যেন অলপ মৰম কৰে, এয়ে প্ৰাৰ্থনা। বজা-~{ পানীৰামক ) তুমি কি কো? পানী-মহাৰাজ, মই দুৰ্গীয়। মানুহ। এইখন যে হীৰা, মই তাকে অত দিনে নেজানিছিলো। ইয়াৰ নে? কিমান দাম মই তাৰ একো ভু নেপাওঁ। এতেকে মোক সোধা মিছ॥ মহাজে আৰু এখেতে যিহকে উচিত দাম বোলে, মই তাতে মান্তি ৰজা-জহৰী, তুমি কোৱাতকৈ ইয়াৰ দাম আৰু কিছু সৰহহে হ'ব। আৰু তুমি যে এই হীৰাগন মোক বিচাৰি আনি দিল, সেই বাবে তুমিও অলপ পুৰস্কাৰ পাব লাগে। মাণিক--মহাৰাজৰ পৰা মই অনেক অনুগ্ৰহ পাইছে।; মই এনেৰে বিচাৰি দিব লাগে বা–মই সন্তোষেৰে দিয়া পুৰস্কাৰ তুমি কিয় ন’লব? দুৱৰী, এওঁলোক দুইকো বৰ ভৰালীৰ ওচৰলৈ লৈ য'। এই হীৰাৰ গৰাকীক তিনি শাখ পাঁচ হাজাৰ আৰু এই জহৰীক এহেজাব টকা দিবলৈ ক'গৈ। দুৱৰী—মহাৰাজৰ যি অজ্ঞ। মাণিক-মহাৰাজ, মই একো পাব নেলাগে। এই হীৰা মই ক'তো বিচাৰি ফুৰাগৈ নাই। এতেকে মোক দিবলৈ কোৱা টকাও হীৰাৰ গৰাকীকে দিবলৈহে আদেশ হ’ব লাগে।