সমললৈ যাওক

পৃষ্ঠা:ভাগ্য পৰীক্ষা.pdf/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অ. ৪— দৃ. ৪
৬৯
ভাগ্যপৰীক্ষা

( দুৱৰীৰ প্ৰবেশ )

দুৱৰী— মহাৰাজ, মাণিকলাল জহৰীয়ে বোলে এই সময়ত আহিবলৈ আদেশ পাইছিল। তেওঁ দুৱাৰত ৰৈ থাকি, মহাৰাজলৈ নিবেদন জনাই পঠাইয়ে।
ৰজা— অ’, বাৰু আহক; লৈ আহগৈ।

(দুৱৰীৰ প্ৰস্থান)

ৰাণী— কেনোবা জহৰী এটাই ভাল হীৰা এখন পাইছোঁ বুলি খবৰ দিছিল নহয়?
ৰজা— সেয়ে এই মাণিকলাল জহৰী; অতি সৎস্বভাৱৰ মানুহ। আজি হীৰাখন লৈ আহিবলৈ মই চিঠি দিছিলোঁ।

(মাণিকলাল আৰু পানীৰমে সৈতে দুৱীৰ পুনঃ প্ৰবেশ )

মাণিক— মহাৰাজ আৰু মহাৰাণীৰ প্ৰতি আমি দুইজনে সম্মানেৰে প্ৰণাম জনাইছোঁ।
ৰজা-— জহৰী, আহাঁ আহাঁ। তোমাৰ লগত এইটি কোন? এৱেঁই সেই হীৰাৰ গৰাকী হ’ব পায়?
মাণিক— হয় মহাৰাজ; হীৰা এইখন।
ৰজা— (হীৰা হাতত লৈ চাই আৰু ৰাণীক দেখুৱাই। এইখন বাস্তবিকতে অতি উৎকৃষ্ট হীৰা; মই যেনে বিচাৰিছিলোঁ, ঠিক তেনে পাইছোঁ।
মাণিক— ভাল বেয়াৰ বিষয়ে আৰু মহাৰাজৰ ওচৰত মই কি মাতিম? মই অকল ইয়াকে জনাব পাৰোঁ। যে, ইয়াতকৈ ভাল হীৰা মই পোৱা নাই।