অ. ৪— দৃ. ৪
৬৯
ভাগ্যপৰীক্ষা
| দুৱৰী—
|
মহাৰাজ, মাণিকলাল জহৰীয়ে বোলে এই সময়ত আহিবলৈ আদেশ পাইছিল। তেওঁ দুৱাৰত ৰৈ থাকি, মহাৰাজলৈ নিবেদন জনাই পঠাইয়ে।
|
| ৰজা—
|
অ’, বাৰু আহক; লৈ আহগৈ।
|
| ৰাণী—
|
কেনোবা জহৰী এটাই ভাল হীৰা এখন পাইছোঁ বুলি খবৰ দিছিল নহয়?
|
| ৰজা—
|
সেয়ে এই মাণিকলাল জহৰী; অতি সৎস্বভাৱৰ মানুহ। আজি হীৰাখন লৈ আহিবলৈ মই চিঠি দিছিলোঁ।
|
(মাণিকলাল আৰু পানীৰমে সৈতে দুৱীৰ পুনঃ প্ৰবেশ )
| মাণিক—
|
মহাৰাজ আৰু মহাৰাণীৰ প্ৰতি আমি দুইজনে সম্মানেৰে প্ৰণাম জনাইছোঁ।
|
| ৰজা-—
|
জহৰী, আহাঁ আহাঁ। তোমাৰ লগত এইটি কোন? এৱেঁই সেই হীৰাৰ গৰাকী হ’ব পায়?
|
| মাণিক—
|
হয় মহাৰাজ; হীৰা এইখন।
|
| ৰজা—
|
(হীৰা হাতত লৈ চাই আৰু ৰাণীক দেখুৱাই। এইখন বাস্তবিকতে অতি উৎকৃষ্ট হীৰা; মই যেনে বিচাৰিছিলোঁ, ঠিক তেনে পাইছোঁ।
|
| মাণিক—
|
ভাল বেয়াৰ বিষয়ে আৰু মহাৰাজৰ ওচৰত মই কি মাতিম? মই অকল ইয়াকে জনাব পাৰোঁ। যে, ইয়াতকৈ ভাল হীৰা মই পোৱা নাই।
|