পৃষ্ঠা:ভাগ্য পৰীক্ষা.pdf/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাগ্যপৰীক্ষা আওৰাই থৈছ। তাক শিক্ষা নেবোলে। তোমাৰ প্ৰকৃত শিক্ষা সমুলি নহল। মোহ—আপুনি যাব পাৰে। Good morning! (বেগেৰে প্ৰস্থান) গোপী—এই এটা অতি অকৰ্ম্মন্য মানুহ। এনেকুৱা শিক্ষিত মানুহৰ পৰা দেশৰ উপকাৰ নহৈ, অশেষ অপকাৰ হৈছে। মোৰ কিবা হাত থকা হলে, ইয়াৰ দৰে যত মানুহ আছে, এটাইবোৰক ধৰি আনি, হোলা মাটিত হ’লীয়া মহৰ হাল বাবলৈ লগাই দিলে। হেতেন। ( প্ৰস্থান) ৪ৰ্থ দৃশ্য--ৰজাৰ বিলাসমন্দিৰ {সুন্দৰপুৰৰ ৰজা, ৰাণী আৰু নৰ্তকীসকল ) (নৃত্য গীত) নৰ্তকীসকল। কোনে কয় প্ৰেমিকজনে প্ৰেমৰ মুৰে প্ৰেম বিচাৰে। প্ৰেমিক অতি উদাৰমতি, ধাৰ সাধিবৰ ধাৰ নেধাৰে। প্ৰেমৰ শকত সোণ-শিকলি পিন্ধিলে কোন হয় মুকলি নিজেই পিন্ধে নিজেই মজে লোকক বন্ধাৰ হাউচ, নকৰে।