সমললৈ যাওক

পৃষ্ঠা:ভাগ্য পৰীক্ষা.pdf/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অ. ৪— দৃ. ৩
৬৭
ভাগ্যপৰীক্ষা
জনা শুনা কথা, এদিন লঘোনে থাকি, চাৰি অনা পইচা ৰাহি কৰি লৈ, তাৰেই মুৰ পুতি কাৰবাৰত লাগি গ'ল; এতিয়া সেয়া কলেৰে ফই বাটিছে। অলপ দিনৰ ভিতৰতে কেনে ডাঙৰ কাৰবাৰ কৰি পেলালে! এনে দেখিলেহে চকু জুৰ হয়, মনত ৰং লাগে।
মোহ— Oh! you are awfully mistaken! পানীৰামৰ কথা এৰি দিয়ক। সি without eduation, without respect-ability এটা ordinary সামান্য মানুহ , সেই দেখি পোনতে সিমান সৰুকৈ ধৰিব পাৰিছিল। Big capitalৰ আৰু big style business ন’হলে, আমাৰ দৰে educated and respectable মানুহক হাত দিবলৈ আপুনি reasonably

expert কৰিব নোৱাৰে; it is simply ridiculous- may quite horrible! কিন্তু আপোনাক মই blame নকৰোঁ। I do not wonder if an elderly man like yourself cannot comprehend what I mean.

গোপী। বোপা, পানীৰামৰ পৰা দেশৰ যিমান উপকাৰ হৈছে, তুমি এজন শিক্ষিত ডেকাৰ পৰা, তাৰ এশ ভাগৰ এভাগো আশা কৰিব নোৱাৰি। শিক্ষাৰ উদ্দেশ্য হৈছে, মন উন্নত আৰু উদাৰ কৰা, বুদ্ধি প্ৰখৰ কৰা, চকু গজোৱা আৰু মানুহটো সকলো পিনে উপযুক্ত কৰি তোলা। যাৰ এইকেইটা কথা হৈছে, বৰ বৰ কিতাপ নপঢ়িলেও, তাক শিক্ষিত বুলিব লাগিব। পানীৰামৰ এইকেইটা কথা এনেয়ে হ’ল, তোমাৰ কিন্তু কলেজত পঢ়িও নহ'ল। আচলতে, তুমি অকল ইংৰাজী কথা গোটাদিয়েক