সমললৈ যাওক

পৃষ্ঠা:ভাগ্য পৰীক্ষা.pdf/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৬
ভাগ্যপৰীক্ষা
গোপী— আমাৰ সোণাৰি আৰু লোকৰ সোণাৰিৰ কামৰ কিমান প্ৰভেদ তাক চকু থকা মানুহ মাত্ৰেই দেখিছে। তোমাৰ দৰে চকু-গজা শিক্ষিত মানুহ এই ব্যৱসায়ত লগা হ'লে, আমাৰ দেশৰ সোণাৰিৰ বনৰ উন্নতি ন'হৈ পাৰিলেহেতেন নে? তেতিয়া হলে, তুমিও এই দৰে ত্ৰিশ টকীয়া কাম বিচাৰি ফুৰিব লাগিলহেতেন জানো? কত ত্ৰিশ টকীয়া মানুহে তোমাৰ তলত খাটিলেহেতেন! সোণাৰিৰ বোলাঁ, কমাৰৰ বোলাঁ, তাঁতীৰ বোলাঁ, কঁহাৰৰ বোলাঁ, অমাৰ দেশৰ সকলো ব্যৱসায়, আমাৰ আওকাণত দিনে দিনে তললৈ গৈছে। আমাৰ ল'ৰাবিলাকে লিখা-পঢ়া শিকি, এইবিলাক কামত লাগি গলে, নিজৰ আৰু দেশৰ দুইৰো উপকাৰ কৰা হয়। তাকে নকৰি, এটাইবোৰে এইদৰে কাম বিচাৰি ফুৰা বাবে, নিজৰো এই জনমত সুখ হোৱা নাই আৰু সকলো ব্যৱসায় লোপ হৈ, দেশখনো নথৈ দুখীয়া হৈ গৈছে।
মোহ— Business is certainly the best of all; কৰিব পাৰিলে খুব ভাল, অৰ্থাৎ very laudable. তাত কোনো সংশয়, অৰ্থাৎ doubt নাই; not the smallest shadow of a doubt, I dare say.
গোপী— কৰিব নো নোৱাৰি কিয়?
মোহ— কৰিবলৈ যে ধন, অৰ্থাৎ capital লাগে। Big capital ন’হলে, business start কৰা mere foolishness.
গোপী-— তেনে কথা কেৱল অকৰ্ম্ম মানুহেহে কয়। সৰহলৈ যাব নেলাগে; চকুৰ আগতে আমাৰ পানীৰামলৈকে চোৱাঁ। সি কেই লাখ টকা মূলধন লৈ কাৰবাৰ কৰিছিল? সকলোৱে