সমললৈ যাওক

পৃষ্ঠা:ভাগ্য পৰীক্ষা.pdf/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অ. ৪— দৃ. ৩
৬৫
ভাগ্যপৰীক্ষা
নো কি লাগিছে? কি হয় এটা নকৰাঁ কিয়? এতিয়াই নকৰিলে, আৰু নো কৰিবা কেতিয়া?
মোহ— যথেষ্ট try কৰিছোঁ। Wanted occupation, as a school master, private tutor or office clerk, by a highly respectable Assamese twice plucked F. A, very strong in English—এই বুলি News paper ত, আজি full four months, advertisement দি থৈছোঁ। কোনো sideৰ পৰা কোনো offer অহা নেদেখিলোঁ। সেই দেখি সেই দিনা মাটি এডোখৰ mortgage দি fifty rupees loan কৰি, ধুবুৰীলৈকে travel কৰি আহিলোঁগৈ; তেও ক’তো serviceৰ arrangement কৰিব নোৱাৰিলোঁ। এতিয়া আকৌ another piece of land mortgage দি, forty rupees loan লৈছোঁ। এই বাৰ up to মাৰ্ঘেৰিটা যাম। ইয়াতকৈ নো আৰু মানুহে কি কৰিব পাৰে, কওকচোন। In my opinion, I have not left a single stone unturned.
গোপী— নেপালাঁ, নেপালাঁ চাকৰি। চাকৰিৰ বাহিৰে জানো কৰিবলৈ আন একো নাই? দেশখনত যতবোৰ মানুহে লিখা-পঢ়া শিকিছে, এটাইবোৰে চাকৰি কৰিয়েই খাব নে?
মোহ— তাকে ন'কৰি আৰু কি কৰিব? এই backward দেশত একো possible নহয়; কোনো field নাই।
গোপী— Field কৰি ল'ব জানিলেই হয়। এই চোৱা তুমি সোণাৰিৰ ল’ৰা; সোণাৰিৰ ব্যৱসায় অতি ভাল ব্যৱসায়-
মোহ— (95.-Quite so! quite so!