সমললৈ যাওক

পৃষ্ঠা:ভাগ্য পৰীক্ষা.pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ষষ্ঠ দৃশ্য-নৈ।

(ভাগ্যকন্যা আৰু তেওঁৰ সখীসকল )

(নৃত্য গীত)

সকলোৱে—

(আমি) ৰুণুক্ জুনুক্ ৰুণুক জুনুক, নেপুৰ বজাই যাওঁ।
পানীৰ তলত, মাছৰ পেটত হীৰা ওপজাওঁ।
 পোহৰ সিচি ভাল পাওঁ
 পোহৰ সিচি সিচি যাওঁ
আন্ধাৰ ৰাতি, সাগৰ-তলি, পোহৰ ঢালি পোহৰাওঁ।
 টুপুৰ্, টুপুৰ্, নিয়ৰ পেলাই
 শিলৰ পাহাৰ পেলাওঁ গলাই
শুকান ডালক ৰমক্ জমক্ ফুলেৰে ফুলাওঁ।

(প্ৰস্থান)

(ৰূপেশ্বৰ, ভদীয়া আৰু আন আন জালোৱাহঁতৰ প্ৰবেশ)

(গীত)

সকলোৱে— ধৰ উজানৰ মাছ হেপাহ গুচাই।

আগ বাঢ়ি আহি থাক জাল বাই বাই।