সমললৈ যাওক

পৃষ্ঠা:ভাগ্য পৰীক্ষা.pdf/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮
ভাগ্যপৰীক্ষা

নাৰ বাট গেলি যাব
কুঢ়ি চেনি কোনে খাব
নধৰিবি সৰু মাছ কোনো কাম নাই।
বৰ বৰ মাছবোৰে
চাই যাবি কেনি শাৰে
দেখিলে মাৰিবি খেও খবৰ্‌দাৰী হৈ।
খেৱে পতি বুঢ়া ৰৌ
চিতল বৰালি ভেউ
ধৰিম বাপেকে আজি “বেহাদুৰী” কৈ।



চতুৰ্থ অঙ্ক।

১ম দৃশ্য—মাণিকলাল জহৰীৰ ঘৰ।

(মাণিকলাল আৰু মালতী )

মাণিক— আচল হীৰা! এনে হীৰা আজিকালি পাবলৈ নাই। ক’ত পালাঁ তুমি এইডোখৰ?