সমললৈ যাওক

পৃষ্ঠা:ভাগ্য পৰীক্ষা.pdf/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৬
ভাগ্যপৰীক্ষা
লাভ খুৱাইছে; ইফালে এনে দৰে ধনৰ মোল বুজা মই হেন হিচাবী মানুহটোকো মনৰ জোখাৰে লাভ কৰিব নিদিয়ে।

(পানীৰামৰ প্ৰবেশ)

পানী— হোৱাঁ, এই টকা তোমাৰ ৰূপ।
পাহ,— দিয়াঁ দিয়াঁ দেও; (ৰূপ লৈ তুমি দেখিহে ওভোতাই দিলাঁ। আজিকালিৰ অধৰমী মানুহবোৰে পোৱা হ'লে, কেতিয়াও নিদিয়ে।
পানী— কিয় নিদিম ওভতাই? তুমি ভুলত ৰূপ টকা দি গ'লাঁ। বুলিয়েই, মই তাক অহকতো ল’ব পাওঁনে?
পাহ্— বাৰু মই যাওঁ; পাঁচে ফইখিনি ভাল চাই দিবা দেই। পচা মৰাপাটৰ ফইবোৰ নিদিবাঁ।
পানী— মই পচা মৰাপাটৰ ফই নেবাটোঁও, নেবেচোঁও। সঁচি ধন লম, ভাল বস্তু দিম। লোকক ভাল বুলি বেয়া বস্তু দি ঠগিম কিয়?
পাহ্— তেও বুলি কথাষাৰ কৈ থৈছোঁ। এতিয়া মই যাওঁহে।
পানী— বাৰু বলাঁ; ময়ো জপনাখন মাৰি থৈ আহোঁগৈ।

( দুইৰো প্ৰস্থান)