| পানী —-
|
সেই লঘোনৰ বাবেহে ইমানেই হৈছে। পাচে তাৰে দুডাল ফই হ'ল। পাচ দিন বজাৰত বেচি এটকা ৰূপ পালোঁ। সেই টকাৰ সেই দিন চাৰি অনা ভাঙ্গি খাই, বাৰ অনাৰ মৰাপাট অনিলোঁ। এই দৰে অলপ অলপকৈ বঢ়াই গৈ, পাচত দিনে আঠ দহ ডালকৈ ফই বাটিবলৈ ধৰিলোঁ। তাৰ পাচত, তোকো তাকে কৰিবলৈ শিকাই ল'লোঁ। এতিয়া দুইৰো মাজত দিনে কুৰি ডালকৈ ফই বাটিছোঁহক। ঈশ্বৰৰো এফেৰি দয়া হ’ল, ফইৰ দামটোও দিনে দিনে বাঢ়ি যাবলৈ ধৰিলে। তেনেতে, আমাৰ লগতে ফই বাটিবলৈ এই মানুহ কেইটা ললোঁ। তেতিয়াৰেপৰা দিনেপতি ছকুৰিকৈ ফই বেচিছোঁ। তাকেহে ভাবিছোঁ বোলোঁ, এইদৰে এদিন লধোন কৰি চাৰি অনা পইচ ৰাহি কৰি ল'বলৈ নো অত দিনে মোৰ আকলে নধৰিছিল কিয়?
|