সমললৈ যাওক

পৃষ্ঠা:ভাগ্য পৰীক্ষা.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অ. ৩— দৃ. ২
৪৭
ভাগ্যপৰীক্ষা
মাণি— ভাল দেখিছআঁ যদি কৰাঁ। মই নো এই বোৰৰ কি জানো?
পানী। মই হলে ভাল দেখিছোঁ; বাৰু আহ, দুয়ো নিৰলে বহি, ভালকৈ কথাটো আৰু এবাৰ গমি পিটি চাওঁগৈহঁক।

( দুইৰো প্ৰস্থান )



২য় দৃশ্য—ৰূপেশ্বৰৰ চোতাল।

( সুমথিৰাৰ প্ৰবেশ )

সুম্ — ইয়াকে ক'লে মোৰ গাত জগৰ লাগিব। দিনৰে দিনটো এই গোট মানুহটোৱে বাৰু কি কৰিছে! মুঠেই খাব শুব আৰু কানি-পাণ পুৰিব। উজানৰ মাছ মাৰিবলৈ লোকে মখাই খাই গৈছে। জালখন লৈ ময়ো চোন ওলাওঁ; খেও এটা মাৰি দুটা মাছ-পুঠী ধৰি আনো। সিমানটো আকৌ কিয় কৰিব!

(ৰূপেশ্বৰৰ প্ৰবেশ )

ৰূপে— হেৰ, মই খুছি আছে যাম, খুছি নাই নেযাম; মোৰ ওপৰত হুকুম কৰিবলৈ কি বৰ “মেহেৰাণী জনী"