পৃষ্ঠা:ভাগ্য পৰীক্ষা.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অ. ৩, ২ ভাগ্যপৰীক্ষা 89 মাণি—ভাল দেখিছ। যদি কৰাঁ। মই নো এই বোৰৰ কি জানো? পানী। মই হলে ভাল দেখিছে; বাৰু আহ, দুয়ো নিৰলে বহি, ভালকৈ কথাটো আৰু এবাৰ গমি পিটি চাওঁগৈহঁক। ( দুইৰে প্ৰস্থান ) ২য় দৃশ্যৰূপেশ্বৰৰ চোতাল। ( সুমথিৰাৰ প্ৰবেশ ) সুম্ - ইয়াকে ক'লে মোৰ গাত জগৰ লাগিব। দিনৰে দিনটো এই গোট মানুহটোৱে বাৰু কি কৰিছে! মুঠেই খাব শুব আৰু কানি-পাণ পুৰিব। উজানৰ মাছ মাৰিবলৈ লোকে মখাই খাই গৈছে। জালখন লৈ মধ্যে চোন ওলাওঁ; খেও এটা মাৰি দুটা মাছ-পুঠী ধৰি আনে। সিমানটো আকৌ কিয় কৰিব। (ৰূপেশ্বৰৰ প্ৰবেশ ) ৰূপে হেৰ, মই খুছি আছে যাম, খুছি নাই নেযাম; মোৰ ওপৰত হুকুম কৰিবলৈ কি বৰ “মেহেৰাণী জনী