পৃষ্ঠা:ভাগ্য পৰীক্ষা.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তৃতীয় অঙ্ক। ১ ম দৃশ্য— পানীৰামৰ ঘৰ। { আগতকৈ অলপ ভা সাজেৰে পানীৰাম আৰু মাণিকী। পানী —মই গৰু গৰু আওগৰু আছি লোঁ। এতিয়াহে মোৰ চকু দুটা মুকলি হৈছে। অত দিন চকু মুদি ফুৰিছিলোঁ। মণি বাৰু কিহৰপৰা নো কিটো হ’ল. মোক ভাঙ্গি পাতি কোৱাচোন। এতিয়া যে দুটা পইচাৰ মুখ দেখিছে, অত দিন নো ইমান দুখত কিয় গল? শকত ফই ডাল বেচি পানী —সেই দিন। মনত পৰেনে, সেই যে আধলি এটা পাইছিলে? মাণি - পৰে তো। পানী – আনকাল যি কেইটা পইচ! পাওঁ, তাৰে পোনতে এডাল ফই জোখাই মৰাপাট কিনে; তাৰ পাচত যি থাকে, তাৰে খাবলৈ বয়-বস্তু কিনি লৈ আহে। আন কালৰ হোৱা হ'লে, সেই দিনাও চাৰি অনা ভাঙ্গি থাই, চাৰি অনাৰহে মৰাপাট আনিলে। হেতেন। সেই দিন হৰিয়ে কিবা এটা বুধি দিলে, লখোনেই থাকিলে, তেও তাৰ এটা পইচাও ভাজি খাবলৈ নহল; আঠো অনাৰে তেনেই মৰাপাটকে কিনি আনিলে॥