সমললৈ যাওক

পৃষ্ঠা:ভাগ্য পৰীক্ষা.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তৃতীয় অঙ্ক।

১ ম দৃশ্য— পানীৰামৰ ঘৰ।

(আগতকৈ অলপ ভাাল সাজেৰে পানীৰাম আৰু মাণিকী।)

পানী — মই গৰুও গৰু আওগৰু আছিলোঁ। এতিয়াহে মোৰ চকু দুটা মুকলি হৈছে। অত দিন চকু মুদি ফুৰিছিলোঁ।
মাণি— বাৰু কিহৰপৰা নো কিটো হ’ল. মোক ভাঙ্গি পাতি কোৱাঁচোন। এতিয়া যে দুটা পইচাৰ মুখ দেখিছে, অত দিন নো ইমান দুখত কিয় গল?
পানী — সেই দিনা মনত পৰেনে, সেই যে শকত ফই ডাল বেচি আধলি এটা পাইছিলোঁ?
মাণি— পৰে তো।
পানী — আনকাল যি কেইটা পইচ! পাওঁ, তাৰে পোনতে এডাল ফইৰ জোখাই মৰাপাট কিনো; তাৰ পাচত যি থাকে, তাৰে খাবলৈ বয়-বস্তু কিনি লৈ আহোঁ আন কালৰ হোৱা হ'লে, সেই দিনাও চাৰি অনা ভাঙ্গি খাই, চাৰি অনাৰহে মৰাপাট আনিলোঁ হেতেন। সেই দিন হৰিয়ে কিবা এটা বুধি দিলে, লঘোনেই থাকিলোঁ, তেও তাৰ এটা পইচাও ভাঙ্গি খাবলৈ নহ'ল; আঠো অনাৰে তেনেই মৰাপাটকে কিনি আনিলোঁ।