এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অ ২—দৃ. ২
৩৫
ভাগ্যপৰীক্ষা
| কচুৰ বুলিকে, এৰি দেনেচে, আপ্কা ধৰম হে, আৰু হৰিবস্তু ৰাজকাৰ্য্যমে জয় যুগুত কৰেগা, এই বাত ধুৰুপ হে। |
| ৰাম— | আৰে চোৰ্ দেও তোমাৰ ধৰম ঔৰ হৰিবস্তু। হাম্লোক পুলিচ্কে আদ্মি কভি নিমক্-হাৰামি নাহি কৰতা হে। চৰ্কাৰ বাহাদুৰকে নিমক্ খায়া, ইস্কু পাকৰ্কে লে আয়া; আভি তোম্ নিমক্ খিলানেচে, তোমাৰা ভি নিমক্-হাৰমি কভি নাহি কৰেগা! আৰে চল ঠানামে। |
| গেন্ধে— | নাহি নাহি, কোনো বুধি উলিয়াইকে এৰ্নেচে আচ্ছা হে। |
| ৰাম— | আৰে অচ্ছা হে, আচ্ছা হে, কেয়চে হাম চোৰেগা? কাছাৰি- মে তো “দচ্” ৰূপেয়া জৰিমানা জৰূৰ দেনে হোগা; আচ্ছা কৌন্ তক্লিফ্, কৰেগা. জৰিমানাকে পাঁচঠু ৰূপেয়া নিকাল, হাম হিঁয়াই চোৰ্ দেতা। |
| গেন্ধে— | হাও! পাচ ৰূপিয়া! কাহাঁ পায়েগা? |
| ৰাম— | দেখ, অভি হাম্ ঠানামে লে যানেচে, “দচ্” ৰোজ কাছাৰিমে আনা-যানা কৰগে, উকিল ঔৰ মহৰীলোক্কু যুঠ্ মুঠ্ পইচা খিলাওগে; ঔৰ্ তব্ভি পিচাৰি ‘দচ্’, ৰূপেয়া জৰিমনা হো যায়েগা। হিয়া খালি পাঁচ ৰূপেয়া ফেক, ঔৰ্ এক্দম্ আপনা ঘৰ্মে চলে যাও |
| গেন্ধে— | চিপাহী বাবু, নিচেই দুখীয়া হে, পাঁচ ৰূপিয়া নাহি হে; দুই ৰূপিয়াৰ সৰহ দেনেকা “সম্ৰথ্”হীন হে। |
| ৰাম— | আচ্ছা, দে দেও দু; জল্দা-জল্দি। |
| গেন্ধে— | মেৰতলিমে দেখ্তা হে। (ৰূপ দিয়ে) |