এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪
ভাগ্যপৰীক্ষা
| ব-বা- | বটে, ঠিক্ ঠিক্; ভুলে গেছ বাপু; ত্ৰেতাযুগে যে শ্ৰীৰামচন্দ্ৰেৰ সঙ্গে সাগৰ পাৰ হয়ে দেখে এয়েছ। |
( প্ৰস্থান)
(জলহুক টানি লৈ ৰাম ভজন কনিষ্টবলৰ প্ৰবেশ )
| জল- | হে দেউ, নিলে ঔ! নিলে! মৰিলোঁ ঔ! ধৰক ঔ! |
| গেন্ধে--- | কি হ’ল, কি হ’ল? কথাটো কি? |
| জল - | মই যমদুতৰ হাতত পৰিলোঁ ঔ! হে. মোক ৰাখক ঔ |
| ৰামভজন— | অৰে চুপ্ ৰহো; চিলাতাহে কাঁহে? চৰ্কাৰ বাহাদুৰ পাত্থৰ লাগাকে ৰাস্তা বনায়া, তোম “প্ৰচাৱ” কনেকুৱাস্তে? হামাৰ নাম ৰামভজন চিপাহী হোৱে তো, তোমকু “দচ” ৰূপেয়া জৰিমনা কৰাকে তব্, চোৰেগা। চল, থানামে চল। |
| জল- | এইটোৱে এতিয়া মোক ঠনাত’ দিবগৈ ঔ; আপোনাৰ এটাইৰে শপত, যেক “ঠেনাত” নিদিয়াব ঔ, দেউ। |
| গেন্ধে- | তুমি বাৰু নিচিঞৰিবাচোন। “কনিষ্ঠ” বাবু, এই লোক “চত্ৰীয়।” ভক্ত হে, আচল পকা “বৈষ্টওঁ’’ হে, খালি হৰিনাম গাতাহে আৰু বৰালি মাছ আৰ. হৰিণা “পচু” ধৰ, ধৰকে খাতা হে। ম’হ গৰুৰ
খুঁটি পাতিকে, বেপাৰ কৰিকে, দুই চাৰি মহা উলিয়াইকে পুতি পুতি থৈকে, পৰৱস্তি হোতাহে। হাবি-তল্মে থাক্তাহে, “কুচ” নাহি জানতাহে, একদম্ বলধিহে। নগৰমে ইতিপূৰ্বে নাহি “আচতাহে”; ৰাস্তাকে দাতিমে “চৰু পানী চোনেচে জগৰ, লাগতাহে, এই বাত সমুলি মালুম নেপাওতাহে। পহিলা |