সমললৈ যাওক

পৃষ্ঠা:ভাগ্য পৰীক্ষা.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬
ভাগ্যপৰীক্ষা
ৰাম— কুচ্ বল, মৎ কৈকু।
গেন্ধে— এঃ, এনে কথা কয় নে?
ৰাম— আভি চলে যাও।

(প্ৰস্থান)

জল— ৰূপকেইটকা নিলে (ন কি?
গেন্ধে— তাকে লৈহে আকৌ এৰি দিছে!
জল— মই ৰূপকেইটক ননা হ'লে, ই আজি মোক নিতান্ত "ঠেনাত" দিলেগৈহেতেন।
গেন্ধে— হওঁতে পুঠিত (অপঠনীয়)ন্ধিছে, বোলে— "ভকতৰ কৈত আছে ভয়”। তেও একা, মই বঙ্গলুৱা মাত কিএষাৰ জনা বাবেহে, তাৰে সৈতে মিতালিটো পাতি কমফেৰা সাধিব পাৰিলোঁ।
জল— এই বাৰৰ পৰা আৰু দেউ, নগৰ চাবলৈ মন নেমেলোঁ। এতিয়া আহক, দিনে পোহৰে ইয়াৰ পৰা আঁতৰি গৈ, এঠাইত গাঁৱাত ৰাতিটো পৰি থাকোঁগৈ। ভাল জানিবা মই মুখ-হাত ধুই, তাক হাত-মুখ ধুৱালোঁ।

(দুইৰো প্ৰস্থান)