এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অ. —২ দৃ. ২
৩৩
ভাগ্যপৰীক্ষা
| প্ৰাণটাই মাৰা যাবে। আচ্ছা, এই বেটাকে একবাৰ জিজ্ঞাস কৰে দেখা যাক। (পানীৰামৰ ওচৰ চাপি ) ওৰে, ভদ্ৰলোকেৰ বাড়ীতে চাকৰি কৰ বি? খেয়ে দেয়ে ভাল মাইনা পাবি। |
| পানী— | ( খুটি দাঙি) এই একেটা টাঙ্গোনতে চেপেটা কৰিম। আহিছনে আকৌ? |
| ব-বা— | (পাচ হুহঁকি) বাবা ৰে! এ অবাৰ কি? |
| পানী— | ভালো ভালে আঁতৰ হ। সিদিনা এটাই তুঁহ-গুড়ি কিনাৰ ভাও ধৰি যি লাগে কৰিলে। আজি আকৌ এইটো ভাও ধৰি তই আহিছ? এইবাৰ নোৱাৰ ছলিব; টেঙ্গৰ হ’লোঁ। |
( বেগেৰে প্ৰস্থান)
| ব-ব— | বেটা পাগল না কি? কি হে বাপু, এটা কি পাগল? |
| গেন্ধে— | আমি বাটৰুৱা মনুষ্য; পাগল হয়, কি পাগল না হয়, কহিতে নেপাৰি বাবু। |
| ব-বা— | বাঃ! তুমি তো বেশ্ বাংলা শিখেছ! |
| গেন্ধে— | (হাঁহি হাঁহি) আমি বহুত মুলুক ফুৰিয়াছি। আপুনি কোন স্থান হইতে আহিছেন? |
| ব-ব— | সে অনেক দূৰ; হুগলি, নাম শুনেছ হুগলিৰ? |
| গেন্ধে— | শুকলি! মনে নপৰে? ইষ্টক ডিবুৰু, লগায়ৎ গুৱাহাটী, ইয়াৰ ভিতৰে কোনো “দেচ্” আমাৰ বাকী নাই। “শুকলি” দেখোন “চুনি” ন! কিজানি “চাগৰৰ চিপাৰে" হ’ব। |