পৃষ্ঠা:ভাগ্য পৰীক্ষা.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩২ ভাগ্যপৰীক্ষা গুৰু তাৰু তাৰু ইবেৰি নাৰায়ণ থোৰে কৰুণা কৰ মেই। সয়ল পাপী মহ হামে অধিকতম কমনে তৰিতে মেৰি আশা। কহয় মাধৱ, হৰি তুহে পতিতগতি ওহি মেৰি পৰম ভৰসা।” ( মৰাপাট এমুঠি আৰু কুট। মাছ এভাগ লৈ পানীৰামৰ বেগেৰে প্ৰবেশ; মাছবিলাক সিচৰতি হৈ মাটিত পৰি যায় ) পানী--বাৰু চিলনীজনী হয়! হাতৰেপৰা মাছকেইচকল নিয়াহে! { মাছ বোটলে } গেন্ধে—কি হ'ল বাৰ? পানী—এ নেদেখি দেও; মাছকেইচকল কিনি লৈ আহিছে; ক'ৰবাৰপৰা . চিলনীজনী ওলাই হাততে থপিয়াইছেহি। ৰ বাপেৰে, তোক মাছ খুৱাম। (পাগুৰিৰ ইটো আগত মাছ বান্ধি পাগুৰিৰ ভিত বলৈ সুমাই লয়; এনেতে বঙ্গালী বাবুৰ প্ৰবেশ } বঙ্গালী বাবু- মনতে) কি মুস্কিলেই পৰেছি। আজ তিন দিন ধৰে ঘৰে ঘূৰে, একটা চাকৰেৰ ঘোগাৰ, কৰে উঠতে পাল্লেম ! এখন দেখছি, চাকেৰেৰ দায়ে উপবাস্ কৰে কৰে পৈত্ৰিক