এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
ভাগ্যপৰীক্ষা।
| থাকিম? বজাৰখন মই ভাবিছিলোঁ, বোলে। আমাৰ সত্ৰৰ ওচৰত থকা, গোবান্ধ মল্ কেয়াঁৰ গোলাখনৰ দৰেই হ’বলা; সেয়ে চাগৈ ডাঙৰ। পাচে দেখোন, চিৰাই পিঠা, মাছে শাকে, চাউলে পাতে, গোটেইখন একেকঠি! এইখন বজাৰৰ বস্তু খালে আৰু জাত ক’ত থাকিব, দেউ? |
| গেন্ধে— | এৰা, নগৰমাটি ঠাই নহয়? ইয়াত অমাৰ সত্ৰৰ সমান বাছ-বিচাৰ নাই। |
| জল-- | গৰু ম'হ চৰাবলৈ যি ঠাই নায়েই, আন কি ফুৰা হবলৈকো ক’তো এচমকা ঠাই নাই। আমি হলে, ইয়াত বান্ধি থ’লেও থাকিব নোৱাৰে। আমাক উদাসীন “বৈষ্টও মানুহক, ঘাইকৈ লাগে গৰু ম'হৰ খুটি আৰু তাৰ পাচতে হৰিনাম। ম’হটো থিয় কৰিবলৈ ঠাই নেপালে, আমি ইয়াত কেনেকৈ থাকিম? |
| গন্ধে-- | সেইটো চল আৰু ইয়াত পোৱা নহয়। |
| জল— | মই হলে দেউ সত্ৰ পায়েই, পোনেই ভাগতী বাপুৰ বহালৈ গৈ, পৰাচিত ধেনুচেৰেক হ’ম গৈ। ছয়ত্ৰিশ জাতিৰ মানুহে- সৈতে ঠেলা-ঠেলি নকৰাকৈ ইয়াৰ বাটত এটা খোজ দিবৰ সন্ধি নাই। এটাইবোৰ বাৰবলুৱা মানুহ। গাবোৰ কিবা ভেকেটা-ভেকেট, গোন্ধায়; কি নো বিংবিঙ্গায় তৰো একো তত ধৰিব নোৱাৰে। আৰু আমাৰ দৰে পোন কথা কোৱা যিখিনি হিন্দুস্থানী মানুহ দেখিছোঁ, সিহঁতৰ আমাৰ দৰে কোজোৰা এটা নাই; আৰু পিন্ধা-উৰা, ফুৰা-চকাও আমাৰ ফালৰ হিন্দুস্থানী মানুহৰ দৰে নহয়। |