সমললৈ যাওক

পৃষ্ঠা:ভাগ্য পৰীক্ষা.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অ —২ দৃ ২
২৯
ভাগ্যপৰীক্ষা
মাছে আৰু মৰাপাট, ডালচেৰেকে আনোগৈ। কি মাছ আনিম কচোন।
মাণি— আনিবলৈ হ'লে কাঁইটীয়া মাছবোৰ নানিবাঁ দেও। ভাল চাই ৰৌ বা বাহু, ন'হলে আৰি বা কচ্, বা চিতল্ মাছৰ কোলঠি চকলদিয়েককে আনিবাঁ।
পানী— সেই বেঙ্গুলীটো ধনৰ গোন্ধ পাই কি জানি আকৌ ওলাবহি। তই চাই থাকিবি; আহিলে ঠুকিবকে নিদিবি। ভালকৈ বুটি ঠাই-সৰাৰে জাৰি দি, জপনাৰ মুখৰেপৰা খেদি দিবি।
মাণি— বাৰু তাক পালে, মই বুঢ়ীমাকে ভালকৈ মান ধৰিব জানিম।

( দুইৰে দুফালে প্ৰস্থান)




২য় দৃশ্য—বজাৰৰ ওচৰৰ আলি।

(গেন্ধেলা ওজা আৰু জলহু ভকতৰ প্ৰবেশ)

জলহু— ইস, ৰাম ৰাম! ৰাম ৰাম! দেউ, নগৰখন এনে বুলি জনা হলে, ইয়াক চাবলৈ মই সত্ৰৰপৰা খোজকে নলৰালোঁহেতেন।
গেন্ধেলা— কিয়? কিনো বেয়া দেখিলাঁ?
জল— আকৌ সুধিছেহে? এইখন দেশত থাকিলেনো আৰু মানুহৰ জাত থাকে নে? আমি হিন্দুস্থানী মানুহ ইয়াত কেনেকৈ