সমললৈ যাওক

পৃষ্ঠা:ভাগ্য পৰীক্ষা.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
ভাগ্যপৰীক্ষা
পানী— হে ডাঙৰীয়া, মই নো কেনেকৈ জানিম? মই চালোঁ, পইচা দুটা পাইছোঁ, তুঁহ-গুড়িগাল দি লৈ থওঁ। তাৰ ভিতৰত এটকা কম এশ ৰূপ থকা বুলি জনা হলে, সি কটা বেঙ্গুলীয়ে, দুপইচা নেলাগে দহ পইচা দিয়া হলেও, মই দিওঁ নে?
ধ-ক— এৰা, ধন থাৱা ঠাইডোখৰেই বেয়া হ’ল। ততখিনি ধন তুঁহগুড়িৰ ভিতৰত থ'ব নেলাগিছিল
পানী— সেয়া, মই তাকে ক’বৈ লাগিছে, তাই নুশুনে। হেৰ, এয়া জনা-বুজা লোকে কি কৈছে, এতিয়া সেই পিনে কাণ পতি শুনচোন! তাই কয়, বোলে মই তুঁহগুড়ি বেচা বাবে, মোৰ গাতহে জগৰ; তাই যে তাৰ মাজত মনে মনে ধন সুমাই থৈছিল, সেই বাবে হেনো তাই সমূলি নিজগৰীয়া। এয়ে মোক মৰা পেলালে, মোৰ দেউতাসকল, মোক মৰা পেলালে!
ভাগ্যকন্যা— সেইবোৰ দুখ কৰি থাকিলে আৰু কি হ’ব? এতিয়া পাচে, কৰাঁ কি?
পানী— কৰিম কি? মই নগমে মৰা পৰিলোঁ; মোৰ আৰু কি কৰিবৰ উপায় আছে? আপোনালোকে মাৰে মাৰক, কাটে কাটক যিহকে কৰে, মই তাতে সৈমান
ধ-ক— আমি জানো কিবা তোমাক মাৰিব কাটিবলৈ আহিছোঁ পাৰিলে, তোমাৰ উপকাৰ কৰিবলৈহে আহিছোঁ। এতেকে, তোমাক আমি আকৌ এশ টকা ৰূপ দি যাওঁ; তুমি ভালকৈ গা-লাগি কাৰবাৰ কৰাঁ।
পানী— আপোনালোক কোন? মোক চিনাকি দিয়কচোন।