পৃষ্ঠা:ভাগ্য পৰীক্ষা.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৬ ভাগ্যপৰীক্ষা পানী—হে ডাঙৰীয়া, মই নো কেনেকৈ জানিম? মই চালে, পইচা দুটা পইছা, তুহ-শুড়িগাল দি লৈ থওঁ। তাৰ ভিতৰত এটকা কম এশ ৰপ থকা বুলি জনা হলে, সি কটা বেঙ্গুলীয়ে, দুপইচা নেলাগে দহ পইচা দিয়া হলেও, মই দিওঁ নে? ধ-ক—এৰা, ধন থাৱা ঠাইডোখবেই বেয়া হ’ল। ততখিনি ধন তুহগুড়িৰ ভিতৰত থ'ব নেলাগিছিল পানী-সেয়া, মই তাকে ক’বৈ লাগিছে, তাই নুশুনে। হেৰ, এয়া জনা-বুজ। লোকে কি কৈছে, এতিয়া সেই পিনে কাণ পতি শুনচোন! তাই কয়, বোলে মই তুহগুড়ি বেচা বাবে, মোৰ গাতহে জগৰ; তাই যে তাৰ মাজত মনে মনে ধন সুমাই থৈছিল, সেই বাবে হেনো তাই সমূলি নিজগৰীয়া। এয়ে মোক মৰা পেলালে, মোৰ দেউতাসকল, মোক মৰা পেলালে। ভাগ্যকন্যা—সেইবোৰ দুখ কৰি থাকিলে আৰু কি হ’ব? এতিয়া পাচে, কৰা কি? পানী--কৰিম কি? মই নগমে মৰা পৰিলে।; মোৰ আৰু কি কৰিবৰ উপায় আছে? আপোনালোকে মাৰে মাৰক, কাটে কাটক যিহকে কৰে, মই তাতে সৈমান ধ-ক--আমি জানো কিবা তোমাক মাৰিব কাটিবলৈ আহিছে॥ পাৰিলে, তোমাৰ উপকাৰ কৰিবলৈহে আহিছে। এতেকে, তোমাক আমি আকৌ এশ টকা ৰূপ দি যাওঁ; তুমি ভালকৈ গা- লাগি কাৰবাৰ কৰ॥ পানী--আপোনালোক কোন? মোক চিনাকি দিয়কচোন।