পৃষ্ঠা:ভাগ্য পৰীক্ষা.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অ -২ দৃ ১ ভাগ্যপৰীক্ষা ২৭ ধ-ক--আমি কোন, বাৰু এতিয়া নেলাগে; পাচত সময়মতে চিনাকি পৰ্ব। পানী—কাটিতেও মোৰ গাত তেজ নোলায়; তাৰ উপৰি মোক আপোনালোকে চিনি নেপায়; সিদিনা এমোন ধন দি গ'ল; মই, সেই দিনাই হেৰুৱালে; সেইটো মানুহকে আকৌ ঘূৰি কি সাহেৰে আপোনালোকে অতবোৰ ধন দিবলৈ আহিছে? এইখিনি বনে যদি কেনেবাকৈ লোচা হয়, তেন্তে এই ভিকহু মানুহটোৰ ৰা এই দুশকৈ ৰূপ আপোনালোকে কেনেকৈ উলিয়াই ল'ব? -ক--সেই বাবে একে কথা নাই। তুমি ভালকৈ ব্যৱসায় কৰিব পাৰিলে, আমাৰ এই দুশ টকা ওলাবলৈ কেই দিন লাগিছে? আৰু যদি তোমাৰপৰা উলিয়াবও নোৱাৰে, তেনে হলেও, আমাৰ যিটো কাৰবাৰ, তাত এই দুশ টকা একেবাৰেই লোকচান হলেও, আমাৰ গাত নেলাগে। এয়া, আকৌ এশ টক দিলো; {ধনৰ মোনা দি) এইবাৰ ভালকৈ সাৱধানে ৰাখিব। এতিয়া আমি আহিলে। পানী--হে দেউতাসকল, মই নন আৰু কি কম? আপোনালোক মোৰ কোনো জনমৰ আই-বোপাই আছিল। এটাইবোৰ ধনী মানুহ আপোনালোকৰ দৰে হোৱা হ'লে, এই পৃথিৱীখনেই বৈকুণ্ঠ হ’লহেতেন। (ধনকন্যা আৰু ভাগ্যকন্যাৰ প্ৰস্থান; মাণিকীৰ প্ৰবেশ ) মাণিকী—এইবাৰ আৰু তুহ-গুড়িৰ পাঁচিত কেতিয়াও নথওঁ।