সমললৈ যাওক

পৃষ্ঠা:ভাগ্য পৰীক্ষা.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অ —২ দৃ ১
২৭
ভাগ্যপৰীক্ষা
ধ-ক— আমি কোন, বাৰু এতিয়া নেলাগে; পাচত সময়মতে চিনাকি পাবাঁ।
পানী— কাটিতেও মোৰ গাত তেজ নোলায়; তাৰ উপৰি মোক আপোনালোকে চিনি নেপায়; সিদিনা এমোনা ধন দি গ'ল; মই, সেই দিনাই হেৰুৱালোঁ; সেইটো মানুহকে আকৌ ঘূৰি কি সাহেৰে আপোনালোকে অতবোৰ ধন দিবলৈ আহিছে? এইখিনি ধনো যদি কেনেবাকৈ লোকচান্ হয়, তেন্তে এই ভিকহু মানুহটোৰ পৰা এই দুশকৈ ৰূপ আপোনালোকে কেনেকৈ উলিয়াই ল'ব?
ধ-ক— সেই বাবে একে কথা নাই। তুমি ভালকৈ ব্যৱসায় কৰিব পাৰিলে, আমাৰ এই দুশ টকা ওলাবলৈ কেই দিন লাগিছে? আৰু যদি তোমাৰপৰা উলিয়াবও নোৱাৰে, তেনে হলেও, আমাৰ যিটো কাৰবাৰ, তাত এই দুশ টকা একেবাৰেই লোকচান হলেও, আমাৰ গাত নেলাগে। এয়া, আকৌ এশ টকা দিলোঁ; (ধনৰ মোনা দি) এইবাৰ ভালকৈ সাৱধানে ৰাখিবাঁ। এতিয়া আমি আহিলোঁ
পানী— হে দেউতাসকল, মই মইনো আৰু কি ক'ম? আপোনালোক মোৰ কোনো জনমৰ আই-বোপাই আছিল। এটাইবোৰ ধনী মানুহ আপোনালোকৰ দৰে হোৱা হ'লে, এই পৃথিৱীখনেই বৈকুণ্ঠ হ’লহেতেন।

(ধনকন্যা আৰু ভাগ্যকন্যাৰ প্ৰস্থান; মাণিকীৰ প্ৰবেশ )

মাণিকী— এইবাৰ আৰু তুঁহ-গুড়িৰ পাঁচিত কেতিয়াও নথওঁ।