পৃষ্ঠা:ভাগ্য পৰীক্ষা.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অ,২ —দ, ১ ভাগ্যপৰীক্ষা ২৫ -ক-যাওঁ আহা, চাওঁ বাৰু ইবাৰ কি হয়? ভা-ক -ব’ল। বাৰু যাওঁ। দুয়ো (নৃত্য গীত) আমি দুয়ো সখী যাওঁ; মলয়া বায়ুত নাচি উড়ি উড়ি যাওঁ। পৰ্বতৰ টিঙে টিঙে সাগৰৰ ঢৌৱে ঢৌৱে আকাশে পাতালে আমি যেনি তেনি যাওঁ। দ্বিতীয় অঙ্ক। ১ম দৃশ্য---পানীৰামৰ ঘৰ। পানীৰাম আৰু সদাগৰ বেশেৰে ধনকন্যা আৰু ভাগ্যকা পানীৰাম—আৰু সেই দিন ধৰি আজিলৈকে, গৰু বিচৰাদি বিচাৰি তেনেই চলথ, কৰিলোঁ, তেও সেই বেঙ্গুলীটোৰে দেখা-দেখি ন’হল। ধনকন্যা-নহয়, কথাৰ গুৰিতে লেঠা; তুমি এফেৰি সাৱধান হ’ব লাগিছিল।