সমললৈ যাওক

পৃষ্ঠা:ভাগ্য পৰীক্ষা.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
ভাগ্যপৰীক্ষা

৫ম দৃশ্য—হিমালয়ৰ ওচৰৰ উদ্যান।

(ধনকন্যা আৰু ভাগ্যকন্যা, নিজ বেশেৰে)

ভাগ্যকন্যা— দিলাঁ হয় ধন তুমি,

দেখিলা নহয়
দি মাত্ৰে কেনি উড়ি গ'ল?

ধনকন্যা— উড়ি গ’ল, সাৱধানে নৰখাৰ বাবে;

আকস্মিক ঘটনা মাথোন,
কিবা ৰূপে ঘটিল হঠাৎ।
ইয়াতে নিৰ্ভৰ কৰি,
উচিত নহয়,
নকৰোঁ প্ৰত্যয়
কোনো কথা কদাচিৎ মই। দুনাই এবাৰ চাম
দিম ধন আকৌ এবাৰ
তেও যদি নোৱাৰোঁ কৰিৰ একো
এৰিম তেতিয়া বাৰু,
দেখুৱাবাঁ ভাগ্যবল তুমি।

ভা-ক— দিয়াঁ ধন,

চোৱাঁ বাৰু আকৌ এবাৰ,
উড়ি যাব আকৌ কেনিবা।
ভাগ্য নেথাকিলে, ধন যায় এই দৰে,
নতুবা, থাকিও একো নোৱাৰে কৰিব।