এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অ .১-দ. ৪
২৩
ভাগ্যপৰীক্ষা
| লাভৰ ভিতৰত টেঁটুত এশ টকা ৰূপৰ ধাৰ লাগিল। ঘৰে দুৱাৰে বেচি, মতা তিৰোতা হালেই বন্দী সোমালেও, এই জনমত এইখিনি ধাৰ শুজিব পাৰিম নে? ভাল মৰিয়াই মাৰিলি তই মোক ভাল মৰিয়াই মাৰিলি! |
| মাণি— | তুমি নিজ হাতে বেঙ্গুলীক ধন দি পঠিয়ালাঁ, তেও আকৌ জগৰটো ঘূৰি মোৰ গাতহে লাগিল? তুমি নে তুঁহ-গুড়ি বেচিছিলাঁ কিয়? নেবেচা হ'লে ধন যাবলৈ নেপায়েই নহয়। |
| পানী— | হেৰ কোনোবাই নো তুঁহৰ পাচিত ধন থয়? তই তুঁহ-গুড়িৰ মাজত এশ টকাকৈ ৰূপ সুমাই থৈছ বুলি, মই সৰৱজান হ’ব লাগিছিল নে? মই সুধিছিলোঁ নহয়, বোলো ক’ত থ'লি; তেতিয়া নকলি কিয়?তই যে ধন থ’বলৈ আৰু ঠাই নেপালি, মই কেনেকৈ জানিম? |
| মাণি।— | মইও নো আকৌ ইমান ন হয়গৈ বুলি কেনেকৈ জানিম? মই চালো বোলো ইয়াত ধন আছে বুলি কোনেও নেভাবে; সেই দেখি কোনেও গম নেপাওক বুলিহে তাত থৈছিলো। |
| পানী।— | এতিয়া কৰোঁ কি! বেঙ্গুলীটোকে বিচাৰি যাওঁ বুলিবলৈ, সি বা ক'ৰ মানুহ কোনখিনি পালেগৈ তাৰ কি “টায়ন” আছে! আৰু তাক পলেও, সি নো আৰু মোক ৰূপ ওভোতাই দিব খুজিছে নে? যেই হওক, যাও এবাৰ বিচাৰি। |
( প্ৰস্থান)
| মাণি।— | মইও চোন বাৰু ওচৰ চুবুৰীয়া মানুহ কেইঘৰত পাক মাৰি আহোঁ; কি জানি সি আজিও আকৌ তুঁহ-গুড়িৰ লোভত আহিছেই। |
( প্ৰস্থান)