|
|
দৰ্কাৰ হ’ব, হামাৰ পাছ, কিনি লিব। ৰাখকে বিক্ৰী কৰিব।
|
| পানী—
|
তহঁত এই বাৰ-বঙ্গলুৱা শনাহী মানুহবোৰ সোমাই, আমাৰ দেশত ভাল টোকোনা বিদাবোৰ উলিয়ালিহি! ভালেতোহে দেশনৰ চিৰি-বিধি নোহোৱা হ'ল! চাচোন, তহঁতৰ তাপত পথাৰৰ নৰা আৰু ঢেকীশালৰ তুঁহ গুড়িও নসৰা হ'ল।
|
| বুধ—
|
হামি কি খাৰাপ কৰিছে? তুমি “তুঁচ্” গুড়ি এইচাই ফেকি দিছে; হামি পইচা দিকে কিনিছে; তোমাৰ লাভ আছে কি লোস্কান আছে? আছে তো দিব মিতা, হামি বহুত দুৰ যানে লাগে।
|
| পানী—
|
সিদিনা এপাচি দেখিছিলোঁ; বাৰু মই চাওঁ, ৰবি।
|
(প্ৰস্থান আৰু তুঁহ গুড়ি এপাচি লৈ পুনঃ প্ৰবেশ)
|
|
এই পাচি আছে, নে; পইচা কিমান দিবি?
|
| বুধ—
|
এক পাচিমে এক পইচা পাবি, ঔ্ৰ, কেতনা লিবি?
|
| পানী—
|
নাই, নাই, এপইচালৈ নিদিওঁ।
|
| বুধ—
|
আচ্ছা লে’ লে' দুপইচা লে।
|
(পানীৰামে পইচা লৈ থৈলাত তুঁহ গুৰি বাকি দিয়ে; বুধনৰ প্ৰস্থান)
| পানী—
|
হক তেও, এই দুটা পইচাইনো, ক’ৰ হয়? তুঁহ গুৰি পেলাইহে দিলোঁহেতেন যাওঁ এতিয়া বজাৰৰ পৰা আহোঁগৈ।
|
(তেলৰ চুঙা আৰু পাচি লৈ প্ৰস্থান)