পৃষ্ঠা:ভাগ্য পৰীক্ষা.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অ,১-দৃ,২
১৫
ভাগ্যপৰীক্ষা


পানী – তেন্তে তাৰে এটকা লৈ আহ। মই বজাৰলৈ গৈ, লোণ-তেল অলপে, ধান এদোণ মানে অনেগৈ; আৰু মৰাপাট, ডাল- চৰেকে আনোগৈ।

( মাটিকলহ এটা লৈ মাণিকীৰ প্ৰবেশ )

মাণি-হোৱাঁ, এই টকা ৰূপ। বেৰৰ আগতে তেলৰ চুঙাটো আছে; ধান আনিবলৈ পাচি এটা বিচাৰি লৈ তুমি যাব। মই ঘাটৰ- পৰা পানী একলহো আনোগৈ, গাটোও ধুই আহোঁগৈ।

পানী --পাচে, থ’লি ক’ত? ক'ৰবাত চোৰ চাৰিয়ে পায় বা? মাণি'-তোমাক নো কেলৈ তাৰ উহটো লাগিছে? মই থৈছোঁ ভালকৈ। মই বুঢ়ী-মাকে যতহে থৈছোঁ, চোৰৰ আজোককাকেও তাৰ গম নেপায়?

( প্ৰস্থান)

( কানত থৈলালৈ বুধনৰ প্ৰবেশ )

বুধন—হ’ মিতা, মিতা হ'। পানী--ক’ৰ মানুহ, কি লাগে তোক? বুধ-মিতা “তুঁচ” গুড়ি বিকিব? আছে তো, নগদা পইচা দিব, হামাকে দিবি। পানী-হেৰ, তহঁতৰ বেঙ্গুলীবোৰে যে ঘৰে ঘৰে তুহ গুড়ি বিচাৰি ফুৰ, তহঁতে নো তুহ গুড়িৰে কি কৰ? খাৱ নে কি? বুধ-নাহি মিতা. কেনে খাবে? হামিলোক “তুঁচ” গুড়িকে বেপাৰ কৰিছে। যে মানুষকে গৰু বইলকে, নাই ঘোৰাকে দানাকে