| পানী –
|
তেন্তে তাৰে এটকা লৈ আহ। মই বজাৰলৈ গৈ, লোণ-তেল অলপে, ধান এদোণ মানে অনেগৈ; আৰু মৰাপাট, ডাল-চৰেকে আনোগৈ।
|
( মাটিকলহ এটা লৈ মাণিকীৰ প্ৰবেশ )
| মাণি-
|
হোৱাঁ, এই টকা ৰূপ। বেৰৰ আগতে তেলৰ চুঙাটো আছে; ধান আনিবলৈ পাচি এটা বিচাৰি লৈ তুমি যাব। মই ঘাটৰ- পৰা পানী একলহো আনোগৈ, গাটোও ধুই আহোঁগৈ।
|
| পানী --
|
পাচে, থ’লি ক’ত? ক'ৰবাত চোৰ চাৰিয়ে পায় বা?
|
| মাণি-
|
তোমাক নো কেলৈ তাৰ উহটো লাগিছে? মই থৈছোঁ ভালকৈ। মই বুঢ়ী-মাকে যতহে থৈছোঁ, চোৰৰ আজোককাকেও তাৰ গম নেপায়?
|
( কানত থৈলালৈ বুধনৰ প্ৰবেশ )
| পানী--
|
ক’ৰ মানুহ, কি লাগে তোক?
|
| বুধ-
|
মিতা “তুঁচ” গুড়ি বিকিব? আছে তো, নগদা পইচা দিব, হামাকে দিবি।
|
| পানী-
|
হেৰ, তহঁতৰ বেঙ্গুলীবোৰে যে ঘৰে ঘৰে তুহ গুড়ি বিচাৰি ফুৰ, তহঁতে নো তুহ গুড়িৰে কি কৰ? খাৱ নে কি?
|
| বুধ-
|
নাহি মিতা. কেনে খাবে? হামিলোক “তুঁচ” গুড়িকে বেপাৰ কৰিছে। যে মানুষকে গৰু বইলকে, নাই ঘোৰাকে দানাকে
|